বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দেহত পোৱা গৈছে Covid-19 পজিটিভ। বৰ্তমান তেওঁক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে।
চিকিৎসকৰ এটা দলে তেওঁক পৰীক্ষা কৰি কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে। জানিব পৰামতে বৰ্তমান মন্ত্ৰীগৰাকীৰ দেহত মৃদু লক্ষণ দেখা গৈছে।
আজি দিল্লীত অনুষ্ঠিত হোৱা ভাৰতীয় বায়ুসেনাৰ অধিনায়কসকলৰ সন্মিলনত অংশ লোৱাৰ কথা আছিল মন্ত্ৰীগৰাকীয়ে কিন্তু ক’ভিড পজিটিভ পোৱাৰ পাছত সেই সন্মিলন উপস্থিত থাকিব নোৱাৰে মন্ত্ৰীগৰাকীয়ে।