নিউজ ডেস্ক- দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা মনীষ চিছ’দিয়াৰ জামিন আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। আবকাৰী নীতি ২০২১-২২ ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআইৰ গোচৰত জামিন খৰিজ কৰিছে উচ্চ ন্যায়লয়ে।

জানিব পৰা মতে, আজি ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাই এই নিৰ্দেশ ঘোষণা কৰি শুনানি গ্ৰহণ কৰি কয় যে চৰকাৰে প্ৰৱৰ্ত্তন কৰা আবকাৰী নীতি চাউথ কোম্পানীৰ অনুৰোধ মৰ্মে তেওঁলোকৰ সুবিধা অনুসৰি প্ৰৱৰ্ত্তন কৰা।

উল্লেখ্য যে, চিবিআই আৰু বলবৎকাৰী সঞ্চালকালয়ৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰৰ অধীনত মনীষ ছিছ’দিয়া বৰ্তমান  ন্যায়িক জিম্মাত আছে। ইয়াৰ আগতে তেওঁক ৩১ মাৰ্চত বিশেষ ন্যায়াধীশে আৰু পিছলৈ ২৮ এপ্ৰিলত ট্ৰেইল আদালতে জামিন নাকচ কৰিছিল। আনহাতে বিগত ২৬ ফেব্ৰুৱাৰীত সুৰা নীতিৰ গোচৰত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply