নিউজ ডেস্ক: দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ (আপ) নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দি এখন পত্ৰ লিখিছে। কেজৰিৱাল আৰু তেওঁৰ নেতাসকলে চাক্সেনাক দৰিদ্ৰলোকৰ বিদ্যুৎ ৰাজসাহায্য বন্ধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

যোৱা কেইসপ্তাহমান ধৰি দিল্লীৰ শক্তি মন্ত্ৰী আতিশী আৰু স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে ভি কে চাক্সেনাৰ বিৰুদ্ধে দিল্লী চৰকাৰৰ বিদ্যুৎ ৰাজসাহায্য ফাইল সমূহ ৰাখি থৈ দিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে। ইয়াৰ বাবে, এই বিনামূলীয়া বিজুলী সেৱা বন্ধ কৰিবলগীয়া হৈছে বুলি দিল্লীৰ চৰকাৰে জনাইছে।

গৱৰ্ণৰ চাক্সেনাই কয় যে, মই সদায় বিনামূলীয়া বিজুলী বিতৰণ কৰাৰ পক্ষপাতী আৰু মই এইটো বহুবাৰ ৰাজহুৱা ভাৱে স্পষ্টও কৰিছো।

লেফটেনেণ্ট গৱৰ্ণৰে এই সকলো অভিযোগসম্পূৰ্ণ মিছা আৰু মানহানিকৰ বুলি অভিহিত কৰিছে। ইয়াৰ লগতে, তেওঁ আপ চৰকাৰক এই অভিযোগবোৰৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছে।

লগতে পঢ়ক – ভাৰতীয় ৰে’লৱেই ২০২২-২৩ বিত্তীয় বৰ্ষত ২.৪০ লাখ কোটি টকাৰ অভিলেখ ৰাজহ পঞ্জীয়ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply