নিউজ ডেস্কঃ ৩৪ দিন ধৰি যন্তৰ মন্তৰত প্ৰতিবাদ কৰি থকা মল্লযোদ্ধাসকলক আজি দিল্লী আৰক্ষীয়ে আটক কৰে। নতুন সংসদ ভৱনৰ সন্মুখত মল্লযোদ্ধাসকলে প্ৰতিবাদ কৰিবলৈ যোৱাৰ সময়তেই দিল্লী আৰক্ষী সৈতে তেওঁলোকৰ সংঘৰ্ষ হয়।

নতুন সংসদ ভৱনৰ সন্মুখত ৰখা বেৰিকেড পাৰ কৰিবলৈ লওঁতেই আৰক্ষীয়ে বজৰং পুনিয়া, বিনেশ-সংগীতা ফোগাট, সাক্ষী মালিক আৰু অন্যান্যসকলক আটক কৰে। তাৰ পিছতেই আৰক্ষীয়ে মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ স্থান যন্তৰ মন্তৰত সকলো তাঁবু আৰু চকীবোৰ আঁতৰ কৰে।

আটক কৰাৰ সময়ত মল্লযোদ্ধা বজৰং পুনিয়াই কয়, “এইয়াই গণতন্ত্ৰ নেকি, আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছো আৰু আমাক এনেধৰণৰ ব্যৱহাৰ কৰা হৈছে। আমাক গুলীয়াই দিয়ক”।

উল্লেখ্যে যে, আজি নতুন সংসদৰ সন্মুখত মল্লযোদ্ধাসকলে মহিলা মহাপঞ্চায়তত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। কিন্তু দিল্লীৰ আৰক্ষীয়ে এই মহাপঞ্চায়ত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে। অনুমতি প্ৰদান নকৰা স্বত্ত্বেও মল্লযোদ্ধাসকলে নতুন সংসদ ভৱনত মহিলা মহাপঞ্চায়তত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ে। ইয়াৰ পিছতেই আৰক্ষীয়ে মল্লযোদ্ধা সকলক আটক কৰে।

লগতে পঢ়ক – আজি দেশে লাভ কৰিব ভাৰতৰ নতুন সংসদ ভৱন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply