নিউজ ডেস্কঃ ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ প্ৰাক্তন সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ লক্ষ্ণৌ আৰু গোণ্ডাত থকা বাসগৃহসমূহ দিল্লী আৰক্ষীৰ এটা দল সোমাবৰে ৰাতি উপস্থিত হয়। আৰক্ষীয়ে ব্ৰিজ ভূষণৰ ১৫ জন কৰ্মচাৰীক সোধা-পোছা কৰিছে। ইয়াত চালক, সুৰক্ষা কৰ্মী, মালী আৰু কৰ্মচাৰী অন্তৰ্ভুক্ত আছিল। দিল্লীৰ পৰা অহা দলটোত পাঁচজন আৰক্ষী আছিল।

লক্ষ্ণৌৰ বাসগৃহত তিনিজন কৰ্মীক সোধা-পোছা কৰাৰ পিছত, দলটো বিষ্ণোহাৰপুৰত থকা গোণ্ডাৰ ঘৰলৈ যায়। তাত আৰক্ষীয়ে ১২ জন কৰ্মচাৰীক প্ৰায় ডেৰ ঘণ্টা ধৰি সোধা-পোছা কৰে।

আৰক্ষীয়ে ব্ৰিজ ভূষণৰ কাম আৰু আচৰণৰ বিষয়ে কৰ্মচাৰীক সোধা পোচা কৰে। সোধা-পোছা কৰাৰ পিছত দলটো নিশা ১১.৩০ বজাত দিল্লীলৈ ৰাওনা হয়।

ইয়াৰ পিছতেই ব্ৰিজ ভূষণ শৰণ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে, “দিল্লী আৰক্ষীয়ে মোক সোধা-পোছা কৰা নাছিল। আৰক্ষীয়ে ইতিমধ্যে মোক দিল্লীত দুবাৰকৈ ৫-৬ ঘণ্টা সোধা-পোছা কৰিছে। মোৰ ইয়াত কাম কৰা চালক আৰু কৰ্মচাৰীসকলৰ সকলকহে আৰক্ষীয়ে সোধা-পোছা কৰিছে।

লগতে পঢ়ক – ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply