২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী জনাইছে সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে।
১০ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হোৱা বিটিআৰ চুক্তিৰ পৰ্যালোচনা বৈঠকত এবছুৰ মুৰব্বীগৰাকীয়ে এই দাবী উত্থাপন কৰা বুলি জানিব পৰা গৈছে।
ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰ লগতে এবছুৰ সভাপতি দিপেন বড়োৱে ২০২৪ চনৰ ভিতৰত বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে, ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৮৮ গৰাকী লোক নিহত হোৱাৰ লগতে পাঁচ শতাধিক লোক আহত হৈছিল।
এই ভয়াৱহ বিস্ফোৰণৰ মূল অভিযুক্ত তথা এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ চিবিআইৰ এখন বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।
চিবিআই আদালতে ২০১৯ চনৰ ২৮ জানুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দৈমাৰীকে ধৰি আন ১৪ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।
চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীৰ উপৰি আন ৯ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তদুপৰি অভিযুক্ত আন ৪ গৰাকীক ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকাৰ জৰিমনা বিহা হৈছিল।
৫ বছৰ কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হোৱা নীলিম দৈমাৰীয়ে অৱশ্যে কাৰাগাৰৰ ভিতৰত ৭ টা বছৰ ইতিপূৰ্বেই কটোৱাৰ বাবে তেওঁক কাৰাবাসৰ পৰা মুক্তি দিয়া হৈছিল।
যাৱজ্জীৱন কাৰাদণ্ড পোৱা অভিযুক্তসকল আছিল ক্ৰমে- ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, অজয় বসুমতাৰী, ৰাজেন্দ্ৰ গয়াৰী, আনচাই বড়ো, খৰ্গেশ্বৰ বসুমতাৰী, লখৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম, বৈশাগী বসুমতাৰী আৰু ৰাজু সৰকাৰ।
আনহাতে ৫ বছৰকৈ কাৰাদণ্ডৰ লগতে ৩ হাজাৰকৈ টকা জৰিমনাৰ শাস্তি পোৱা ৪ গৰাকী ক্ৰমে- জয়ন্তী ব্ৰহ্ম, মথুৰাম ব্ৰহ্ম, প্ৰভাত বড়ো আৰু নীলিম দৈমাৰী।