প্ৰতিনিধিত্বমূলক ছবি

কমতাপুৰ অথবা কোচবিহাৰ নামেৰে নতুন ৰাজ্য গঠনৰ প্ৰস্তুতি চলাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে। দেশত গঠন কৰা হ’ব আন এখন নতুন ৰাজ্য। ইতিমধ্যে গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় শাসিত হ’বলগীয়া এই ৰাজ্যখনৰ গঠন সন্দৰ্ভত উত্তৰ বংগ আৰু অসমত সক্ৰিয় হৈ থকা কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিৰ সৈতে নতুন দিল্লীত কেবালানিও বৈঠক অনুষ্ঠিত কৰিছে। কেৱল সেয়াই নহয়, পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী কৰা সংগঠনৰ সৈতে অহা ১৯-২০ ডিচেম্বৰত দিল্লীত পুনৰ আলোচনাত মিলিত হ’ব গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়ববীয়া।

উল্লেখ্য যে পশ্চিমবংগৰ লগতে অসমৰো এটা অংশৰ বিভাজন ঘটাই কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব বিচৰা প্ৰস্তাৱিত কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত তৎপৰতা বৃদ্ধি পাইছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰে এই প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ কৰি তোলাৰ খবৰ আহিছে।

প্ৰস্তাৱিত কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন প্ৰক্ৰিয়াত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছ দলে বিৰোধিতা কৰিবলৈ উঠিপৰি লাগিছে যদিও গৃহ মন্ত্ৰালয়ে ইতিমধ্যে নতুন কেন্দ্রীয়শাসিত ৰাজ্য গঠনৰ প্ৰক্ৰিয়া যথেষ্টখিনি আগবঢ়াই নিছে। এই নতুন ৰাজ্য গঠনক লৈ গৃহ মন্ত্ৰালয় পৰ্যায়ত কমতাপুৰ আৰু কোচবিহাৰ ৰাজ্য গঠনৰ দাবীদাৰ পক্ষসমূহৰ সৈতে ইতিমধ্যেই কেবালানিও বৈঠক অনুষ্ঠিত হৈ গৈছে।

ইতিমধ্যে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ (কে পি পি) কেন্দ্রীয় সমিতিৰ সৈতে এই বিষয়টো সন্দৰ্ভত কেইদিনমান পূর্বে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাসমূহত উত্তৰবংগ, অবিভক্ত গোৱালপাৰা জিলা আৰু বিহাৰৰ দুখন জিলাক লৈ নতুন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠন সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনাকাৰী পক্ষসমূহে বৈঠকৰ সবিশেষ ৰাজহুৱা কৰা নাই যদিও অতিশীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে কমতাপুৰবাসী ৰাইজক এটা ভাল খবৰ দিয়াৰ বাবে আগবাঢ়িছে বুলি আন্দোলনকাৰী পক্ষৰ এক সূত্ৰৰ পৰা খবৰ পোৱা গৈছে।

জানিব পৰা মতে, অসমৰ এটা অংশ সোমাব পাৰে এই নতুনকৈ গঠন হ’বলগীয়া ৰাজ্যত। প্ৰস্তাৱিত এই নতুন ৰাজ্যত সোমাব পাৰে অসমৰ এটা গুৰুত্বপূৰ্ণ অংশ। উল্লেখ্য যে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিয়ে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ আটাইকেইখন জিলাই সোমাব লাগে কমতাপুৰ ৰাজ্যত। অৱশ্যে কেন্দ্ৰ চৰকাৰে এই পৰ্যন্ত এই প্ৰস্তাৱত সন্মতি দিয়া নাই, কিয়নো অবিভক্ত গোৱালপাৰা মানেই বৰ্তমানৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাওঁ, কোকৰাঝাৰ, চিৰাং আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলা অন্তৰ্ভুক্ত হয়। আৰু সন্মতি দিয়া মানেই অসমত হ’ব অগ্নিগৰ্ভা পৰিৱেশ। এনে পৰিপ্ৰেক্ষিতত এই আটাইকেইখন জিলা অসমৰ পৰা কাটি নি নতুন ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাটো নিসন্দেহে উজু নহ’ব। পিছে জানিব পৰা মতে প্ৰস্তাৱিত নতুন ৰাজ্যত অসমৰ ধুবুৰী জিলা অন্তৰ্ভুক্ত কৰাৰ দাবী সজোৰে উত্থাপন কৰিছে কেপিপিয়ে। এইটো দিশৰ পৰা লক্ষ্য কৰিলে শেষপৰ্যন্ত গৃহ মন্ত্ৰালয়ে আন জিলাকেইখন অন্তৰ্ভুক্ত নকৰি ধুবুৰীক কমতাপুৰৰ অন্তৰ্ভুক্ত কৰাৰেই সম্ভাৱনা অধিক।

অৱশ্যে এইপৰ্যন্ত ৰাজ্যগঠন প্ৰক্ৰিয়াটো কোনটো পৰ্যায়ত আছে সেই কথা গৃহ মন্ত্ৰালয় কিম্বা আলোচনাত অংশলোৱা প্ৰতিনিধি দলৰ কোনোৱেই মুখ খোলা নাই। সেই জটিল প্রক্রিয়াসমূহ আঁতৰোৱাৰ বাবে গৃহ মন্ত্রালয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই উদ্দেশ্যে অহা ১৯ আৰু ২০ ডিচেম্বৰতো কমতাপুৰ আৰু কোচবিহাৰ ৰাজ্যৰ দাবীদাৰ পক্ষসমূহৰ সৈতে নতুন দিল্লীত পুনৰ আলোচনা অনুষ্ঠিত হ’ব বুলি সূত্ৰটোৱে জানিবলৈ দিছে। এই আলোচনাত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতৃবৃন্দও উপস্থিত থাকিব বুলি জনা গৈছে। আলোচনাত অংশ লোৱাৰ বাবে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ উত্তৰবংগ আৰু অসমৰ এটা প্রতিনিধি দল অচিৰেই নতুন দিল্লীত উপস্থিত হ’ব।

প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে প্রস্তাৱিত নতুন কেন্দ্ৰীয়শাসিত ৰাজ্যখন গঠন প্রক্রিয়াত নিষিদ্ধঘোষিত সংগঠন কমতাপুৰ লিবাৰেচন অর্গেনাইজেচন চমুকৈ কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহ কোচে অংশ লোৱাটো আশা কৰিছে। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে কে এল অ’ৰ অধ্যক্ষক অতিশীঘ্ৰেই শাস্তি আলোচনা প্রক্রিয়াত অংশ লোৱাটো বিচাৰিছে আৰু নতুন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ প্ৰক্ৰিয়াত অংশ লোৱাটো বিচাৰিছে। তাৎপর্যপূর্ণভাৱে জীৱন সিংহ কোচেও কালি প্রধানমন্ত্রী আৰু গৃহ মন্ত্ৰীক ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য অথবা কমতাপুৰ ৰাজ্যখন পুনৰ গঠনৰ আহ্বান জনাইছে। জীৱন সিংহ কোচৰ এটা অডিঅ’ বার্তাত এই আহ্বান জনাই তেওঁ ভাৰত চৰকাৰ আৰু ঐতিহাসিক কোচবিহাৰ ৰাজ্যৰ মাজত সম্পাদিত হোৱা ভাৰত ভুক্তি চুক্তি অনুসৰি গ্ৰেটাৰ কোচবিহাৰ অথবা কমতাপুৰ ৰাজ্যখন পুনৰ গঠনৰ আহ্বান জনাইছে।

আনহাতে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰৰ সৈতে কে এল অ’ৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী তথা কোচ ৰাজবংশী জাতীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰায়ে ৰাজ্য গঠন সন্দৰ্ভত কেতবোৰ পক্ষই বিৰোধিতা কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোচ কমতাবাসী ৰাইজৰ পৃথক ৰাজ্য গঠনৰ দাবী দীর্ঘদিনীয়া। কিন্তু শেহতীয়াভাৱে অসমৰ কেতবোৰ জাতি-জনগোষ্ঠীয়ে এই নতুন ৰাজ্য গঠনৰ বিৰোধিতা কৰিবলৈ সক্রিয় হৈছে।

এনে পৰিপ্ৰেক্ষিতত কমতাপুৰ ৰাজ্য গঠনৰ লগতে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীও নিষ্পত্তি হ’ব নে অসম ভঙ্গ আৰু বঙ্গ ভঙ্গৰে দেশত পুনৰ এক অগ্নিগৰ্ভ পৰিস্থিতিৰ উদ্ভৱ হ’ব সেয়া সময়তহে দেখা যাব।

লগতে পঢ়ক – স্বায়ত্তশাসনৰ দাবীত ধেমাজিত কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply