নিউজ ডেস্ক: উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত সেৱা আগবঢ়ায় থকা DEMU ৰেলগাড়ী নতুন ৰূপত আগতকৈ অধিক চলাচলৰ পৰিমাণ বৃদ্ধি কৰি আজিৰ পৰা পুনৰ মুকলি কৰা হয়।

উল্লেখযোগ্য যে এতিয়াৰ পৰা DEMU train খনে সৰ্বমুঠ ২২টা ষ্টেচন অতিক্ৰম কৰি মূৰ্কংচেলেকলৈকে যাত্ৰা কৰিব প্ৰায় ৩ঘণ্টা সময়ৰ ব্যৱধানত। পূৱা ৯-৪০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিব।

DEMU ৰেলগাড়ী মুকলি কৰাৰ সময়ত উপস্থিত থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কয় যে, আমি বিশ্বাসী যে এই DEMU train খনৰ দ্বাৰা যাত্ৰীসকল যঠেষ্ট উপকৃত হ’ব, বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে ই এক উল্লেখযোগ্য ভুমিকা আগবঢ়াব কাৰণ নুন্যতম ভাড়াৰে তেওঁলোকে যাত্ৰা কৰিব পাৰিব।

লগতে তেওঁ কয়, DEMU train সমুহ ইন্ধন সঞ্চয়ী আৰু উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ কেন্দ্ৰ আৰু ইয়াৰ আশে-পাশে উদ্যোগ, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ যথেষ্ট অগ্ৰগতিৰ বাবে প্ৰয়োজনীয়।  উত্তৰ পূব সীমান্ত ৰেলৱেৰ এই প্ৰচেষ্টাক আমি আন্তৰিক সলাগ লৈছোঁ আৰু আমি ভাবোঁ যে ই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এক বৃহৎ সফলতা।

উক্ত ৰেলগাড়ী খনৰ মুকলিৰ সময়ত বিধায়ক প্ৰশান্ত ফুকনৰ উপৰিও ডিব্ৰুগড় ৰেলৱে সংমণ্ডলৰ পৰিচালক উত্তম প্ৰকাশ ডাঙৰীয়াৰ লগতে ৰেলৱে বিভাগৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।

লগতে পঢ়ক – ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ দেশৰ দীৰ্ঘতম ৰেল যাত্ৰাত “বিবেক এক্সপ্ৰেছ”ৰ নতুনকৈ ৰেলগাড়ীৰ সংযোজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply