নিউজ ডেস্ক- আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ড° বাণীকান্ত কাকতি প্রেক্ষাগৃহত আয়োজিত অসম চৰকাৰৰ পর্যটন বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা তৃতীয় আৰু চতুৰ্থ বর্গৰ কৰ্মচাৰীসকলৰ অভিযোজন অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।

তেওঁ কয় যে, “পর্যটন বিভাগ অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনীয়তাৰে ভৰা বিভাগ। প্রাকৃতিক সৌন্দৰ্য, বন্যপ্রাণী, ঐতিহাসিক সম্পদ, ঐতিহ্য, বিভিন্ন ধর্মীয় তীর্থস্থান আদিৰে আমাৰ ৰাজ্যখন সদায়েই পর্যটকৰ আকর্ষণৰ কেন্দ্র হৈ আছিল; কিন্তু মাননীয় মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাত অসমত স্থায়ী শান্তি স্থাপন হোৱাত পর্যটকসকল বর্তমান বিনা সংকোচে ৰাজ্যখনলৈ আহিব ধৰিছে। পর্যটনৰ মন্ত্রী হিচাপে মই গৌৰৱ কৰিব পাৰোঁ যে যোৱা বিত্তীয় বছৰটোত অসমৰ পর্যটন উদ্যোগৰ অভিলেখ সংখ্যক ৫৭৫ শতাংশ শ্রীবৃদ্ধি হৈছে৷ সংখ্যাৰ ফালৰ পৰা, ১ কোটিৰো অধিক পর্যটকে এই সময়ছোৱাত অসমৰ বায়ু-মাটিৰ গোন্ধ লৈ গৈছে।”

তেওঁ কয়, পর্যটন উদ্যোগৰ দ্রুত বিকাশৰ অর্থ হ’ল আমাক অধিক মানৱ সম্পদৰ প্রয়োজন আৰু এই নৱ-নিযুক্ত কৰ্মচাৰীখিনিয়ে উচিত সময়তে কামত যোগ দিছে। মেধাৰ বলত নিযুক্তি পোৱা এইসকল নতুন কৰ্মচাৰীয়ে নিসন্দেহে বিভাগটোৰ কর্মশক্তি বৃদ্ধি কৰিব। নিকা আৰু স্বচ্ছ ব্যৱস্থাৰে নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে চূড়ান্ত আত্মনিয়োগেৰে কাম কৰিলে আমি আৰু অধিক ভাল ফল প্রাপ্তিৰ আশা কৰিব পাৰোঁ।

উক্ত অনুষ্ঠানত অসম পর্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, সচিব প্রভাতী থাওচেন, অতিৰিক্ত সচিব মৌচুমী বৰুৱা, যুটীয়া সচিব দেৱজিৎ খনিকৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply