নিউজ ডেস্ক: অহা ১৫-১৭ মে’ত তিনিচুকীয়া জিলাত অনুষ্ঠিত হ’বলগীয়া উপায়ুক্ত সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু ভিডিঅ’ কঞ্চফাৰেনচ মাধ্যমৰ জৰিয়তে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বৈঠকত মাননীয় মুখ্যমন্ত্ৰীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ নীতিৰ উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ নীতি আৰু আঁচনিসমূহৰ বিষয়ে আলোচনাৰ লক্ষ্যৰে আয়োজিত উপায়ুক্ত সন্মিলনৰ সফল পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰীসকল ৰণজিৎ কুমাৰ দাস, অজন্তা নেওগ, কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা, বিমল বড়া, মাননীয় মুখ্য সচিব শ্ৰীপৱন কুমাৰ বৰঠাকুৰকে ধৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে।
লগতে পঢ়ক – এছিয়া কাপ বৰ্জন কৰিব নেকি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে! বৰ্জন কৰাৰ ভাবুকি PCB ৰ