যোৰহাট : যোৰহাটত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। যোৰহাটৰ আবৰ্ত ভৱনত উজনি অসমৰ জিলা কেইখনৰ শীৰ্ষ বিষয়াৰ লগত আইন শৃংখলাৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা।
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কাইলৈ শিৱসাগৰ চৰকাৰী বিদ্যালয়ত গুনোৎসৱত ভাগ লব বুলি জানিবলৈ দিয়ে। শেহতীয়াকৈ বহু যুৱক-যুৱতী আলফা (স্বাধীন) লৈ যোৱাৰ প্ৰৱণতা সন্দৰ্ভত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে এই ক্ষেত্রত অসমৰ ৰাইজে সিদ্ধান্ত ল’ব।
লগতে পঢ়ক – আমিনুল ইছলামৰ দৰে মানুহৰ গালত পূৰ্ণহতীয়া চৰ পৰিব লাগেঃ শৃংখল চলিহা
আৰক্ষীৰ কাম হ’ল অসমৰ নিৰাপত্তা বিঘ্নিত নোহোৱাকৈ ৰখা আৰু ভবিষ্যতে যাতে অসমৰ নতুন প্ৰজন্ম সু-নাগৰিক হিচাবে গঢ়ি তোলা বুলি সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। ভাৰতৰ অখণ্ডতাৰ লগত অসম আৰক্ষীয়ে আপোচ নকৰে বুলি কোৱাৰ লগতে অসমক বচোৱাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে আহোপুৰোষাৰ্থ চেষ্টা কৰিব বুলি সাংবাদিকক কয়।