নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ কৰিছে টি জে লংকুমাৰে। নাগালেণ্ড চৰকাৰৰ ভূমি ৰাজহ মন্ত্ৰী নেইবা ক্ৰনুৱে বুধবাৰে সংবাদ মাধ্যমক এই কথা অৱগত কৰে।
উল্লেখ্য যে টি জে লংকুমাৰে ২ জানুৱাৰীত পদত্যাগ পত্ৰ দাখিল কৰিছিল। ক্ৰ’নুৱে কয় যে মন্ত্ৰী সভাত বিদায়ী ডি জি পিৰ ঠাই কোনে ল’ব সেই বিষয়ে আলোচনা কৰা হোৱা নাই যদিও জ্যেষ্ঠ সৰ্বাধিক বিষয়াক ৰাজ্যখনৰ ডি জি পি হিচাপে নিযুক্তি দিয়া হ’ব।
২০২২ চনৰ ৩১ আগষ্টত তেওঁৰ প্ৰথম সেৱা বৃদ্ধিৰ ম্যাদ উকলি যোৱাৰ পিছত ছমাহৰ দ্বিতীয়টো সেৱা বৃদ্ধিৰ বাবে হোৱা বিবাদৰ পিছতে লংকুমাৰে পদত্যাগ কৰিছিল। লক্ষনীয়ভাৱে উচ্চতম ন্যায়ালয়ে নাগালেণ্ড চৰকাৰ, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দেশ দিছিল আৰু ইউ পি এছ চিয়ে ২০২২ চনৰ ১৯ ডিচেম্বৰ বা তাৰ আগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নিযুক্তি প্ৰক্ৰিয়া চূড়ান্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। আনহাতে নাগালেণ্ডৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান আইন শৃংখলা বিভাগৰ ডি জি পি ৰূপিন শৰ্মা হ’ব পৰৱৰ্তী সঞ্চালক প্ৰধান।