নিউজ ডেস্ক : বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভাৰতৰ তাৰকা স্প্ৰিণ্টাৰ ধনলক্ষ্মীৰ ড’প টেষ্ট পজিটিভ ধৰা পৰিছে। ইয়াৰ বাবেই ভাৰতীয় এথলেটিক দলটোৱে ৪x১০০ মিটাৰ ৰিলেত পদক লাভ কৰাৰ সম্ভাৱনা অত্যন্ত কম হৈ পৰিছে।

ধনলক্ষ্মীয়ে যোৱা বছৰ ১০০ মিটাৰ দৌৰত দুটী চান্দক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও ধনলক্ষ্মীয়ে যোৱা মাহত ২০০ মিটাৰৰ দৌৰত অসমৰ ধিং এক্সপ্ৰেছ হিমা দাসকো পৰাস্ত কৰিছিল। জানিব পৰা মতে ড’প টেষ্টৰ বাবে ধনলক্ষ্মীৰ নমুনা এআইইউয়ে সংগ্ৰহ কৰিছিল।

লগতে পঢ়ক –  Assam Flood : ৰাজ্যৰ ৪ খন জিলাৰ ৬৩ খন গাঁও এতিয়াও জলমগ্ন

ধনলাক্ষনীৰ নমুনাত ষ্টেৰাইড পোৱা গৈছে। ইয়াৰ বাবে ধনলক্ষ্মীক নিষিদ্ধ কৰা হৈছে আৰু কমনৱেলথ গেমছত ধনলাক্ষনীয়ে অংশ ল’ব নোৱাৰিব। ইয়াৰ উপৰিও ধনালক্ষ্মীক ইউগেনত চলি থকা বিশ্ব চেম্পিয়নশ্বিপতো অংশগ্ৰহণত নিষিদ্ধ কৰা হৈছে। ধনলক্ষ্মীয়ে যোৱা বছৰ ভাৰতৰ হৈ টকিঅ’ অলিম্পিকতো অংশগ্ৰহণ কৰিছিল।

ইফালে ধনলক্ষ্মীৰ লগতে ভাৰতৰ অন্য এগৰাকী খেলুৱৈ ড’প টেষ্টত বিফল হৈছে। ড’প টেষ্টত পজিটিভ পোৱা অন্য গৰাকী খেলুৱৈ হৈছে ঐশ্বর্য বাবু। ট্ৰিপল জাম্পত ঐশ্বর্য বাবুৰ নাম ৰাষ্ট্ৰীয় ৰেকৰ্ড অন্তৰ্ভুক্ত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply