আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা ধোনীয়ে ২০২৩ চনৰ আই পি এল খেলখন তেওঁৰ কেৰিয়াৰৰ অন্তিম আই পি এল হ’ব নেকি! কিমান দিনলৈ আই পি এল খেলিব এই প্ৰশ্নটো সকলোৰে মনত উদয় হৈ থকা দেখিবলৈ পোৱা গৈছে।
অৱশ্যে চলিত বৰ্ষত ধোনীয়ে আই পি এলত ভাল প্ৰদৰ্শন কৰা দেখা গৈছে।
আনহাতে, চেন্নাই ছুপাৰ কিংছত ধোনীৰ প্ৰাক্তন সতীৰ্থ মুৰালী বিজয়ে ধোনীৰ অৱসৰৰ কথা সন্দৰ্ভত কয় যে, “এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। এজন ক্ৰিকেটাৰৰ অৱদান মানুহে বুজিব লাগে। ১৫ বছৰ ধৰি দেশৰ হৈ খেলিছিল ধোনীয়ে। গতিকে আমি ধোনীক সিদ্ধান্ত ল’বলৈ দিয়া উচিত। তেনে কৰাৰ পৰিৱৰ্তে তেওঁক বাৰে বাৰে হেঁচা দিয়া হৈছে যে তেওঁ কেতিয়া আই পি এলৰ পৰা অৱসৰ ল’ব। এনে প্ৰশ্ন কৰাটো ঠিক নহয়।”
বিগত বৰ্ষৰ দৰেই এইবাৰো ৪১ বছৰীয়া ধোনীয়ে আই পি এলত পুৰণি ছন্দৰ দৰেই খেলা দেখা গৈছে।