ধুবুৰী : নামনি অসমৰ ধুবুৰীত ঈদ উদযাপনকলৈ ঈদগাহ আৰু মছজিদ কমিটি সমূহৰ প্ৰতিনিধিৰ লগত ধুবুৰী জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক। শান্তিপূৰ্ণভাৱে ঈদ উদযাপন কৰি পৰম্পৰা অক্ষুন্ন ৰখাৰ বাবে ঈদগাহ আৰু মছজিদ কমিটি সমূহক আহ্বান ধুবুৰীৰ উপায়ুক্তৰ। প্ৰচলিত আইন আৰু চৰকাৰী নিৰ্দেশনা মানি কোৰবানি কৰিবলৈও আহ্বান।

দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ-উজ-জোহা। ধুবুৰী জিলাত
শান্তিপূৰ্ণভাৱে আৰু আইন ৰক্ষা কৰি ঈদ-উজ-জোহা উদযাপন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলক আহ্বান জনাইছে ধুবুৰীৰ জিলা উপায়ুক্ত আনবামুথান এম পি আৰু আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে। শুকুৰবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ ঈদগাহ আৰু মছজিদ কমিটিৰ প্ৰতিনিধিৰ সৈতে ঈদ উদযাপন সন্দৰ্ভত বৈঠকত মিলিত হৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক।

ঈদৰ কোৰবানিৰ ক্ষেত্ৰত প্ৰচলিত আইন আৰু চৰকাৰৰ নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব বুলি বৈঠকত ঈদগাহ আৰু মছজিদ কমিটিৰ প্ৰতিনিধি সকলক আহ্বান জনায় উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে। লগতে সাম্প্ৰদায়িক সম্প্ৰীতিত আঘাত হানিব পৰা কোনোধৰণৰ পদক্ষেপ বা কৰ্মত যাতে কোনো লোক জড়িত নহয় ইয়াৰ বাবেও আহ্বান জনায়৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ধুবুৰীত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ঈদ উদযাপনত সকলো পক্ষৰে সহযোগিতা কামনা কৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে৷

লগতে পঢ়ক – বৰাক উপত্যকাত বানকলৈ কংগ্ৰেছ বিধায়কে দাবী কৰিলে সদন কমিটীৰ

বৈঠকত উপস্থিত থকা ঈদগাহ আৰু মছজিদ কমিটিৰ প্ৰতিনিধি সকলে শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ বাবে সকলো পদক্ষেপ লোৱা হ’ব বুলি কয়৷ আন ধৰ্মৰ লোকৰ অনুভূতিত আঘাত নিদিয়াকৈ ঘৰৰ চৌহদতে কোৰবানি কাৰ্য সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিমাংশু শালৈ প্ৰমুখ্যে বিভিন্ন বিভাগৰ কেবাজনো বিষয়া উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply