ধুবুৰী : ধুবুৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ধুবুৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। দুটা পৃথক পৃথক অভিযান চলাই ধুবুৰী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলায়।

মঙলবাৰে নিশাৰ ভাগত ধুবুৰী আৰক্ষীয়ে দুটা পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযান চলাই তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ধুবুৰী চহৰৰ দেবত্তৰ হাছদহ অঞ্চলত এক অভিযান চলাই সন্দেহজনক ব্ৰাউন চুগাৰৰ কেইবাটাও টেমাসহ হামিদুৰ ৰহমান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক –  মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা অসমৰ লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

নিশাই পুনৰ আৰক্ষীয়ে ধুবুৰী চহৰৰ আই জি ৰোড অঞ্চলত আন এটা অভিযান চলাই ৰাজু আৰু ৰাকেশ নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক ধুবুৰী সদৰ থানাত ৰাখি অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply