বঙাইগাঁও : বিহুৰ আনন্দৰ মাজতে ৰাজ্যত তাণ্ডৱ চলাইছে ধুমুহা-বৰষুণে। ধুমুহা-বৰষুণৰ ফলত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছে। নিশা বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণে তাণ্ডৱ চলায়।
ধুমুহা-বৰষুণৰ ফলত বঙাইগাঁও জিলাৰ বহু অঞ্চলত প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰে। পথৰ ওপৰত গছ ভাঙি পৰাত যাতায়ত ব্যৱস্থাত ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। বহু লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হয় ধুমহাৰ ফলত।
নিউ বঙাইগাঁৱত এজন লোকৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাত এগৰাকী মহিলা গুৰুত্বৰভাৱে অহাত হয়। আহত মহিলা গৰাকীক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক – সাংসদ কুইন ওজাই উদ্বোধন কৰিলে কেম্ব্ৰিজ পাব্লিক স্কুলৰ নতুন কেম্পাছ
আহত মহিলা গৰাকীৰ নাম লক্ষ্মী বৰ্মন বুলি জানিব পৰা গৈছে। আনহাতে বীৰঝাৰা চাহ বাগিচাত এজন লোকৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ এটা বাগৰি পৰাত লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। ধুমুহা-বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে।