নিউজ ডেস্কঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অৰ্ন্তগত বিধানসভা সমষ্টি সমূহৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তা সকলৰ মাজত নতুন উদ্যমৰ সঞ্চাৰ কৰি আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত আজি দলটোৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত হয় যায় বিশেষ কৰ্মকৰ্তা সন্মিলনত।

অনুষ্ঠানৰ আৰম্ভণিতেই কালি নিশা জালুকবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত সাতগৰাকী শিক্ষাৰ্থীৰ অকালতে পৰলোকপ্ৰাপ্তি হোৱাৰ খবৰত মৰ্মাহত হৈ আজিৰ সভাই মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনায় আৰু তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷

অগপৰ সভাপতি অতুল বৰাই ভাষণ প্ৰদান কৰি কয় যে, অসমৰ জনগণক জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে ৰাজনৈতিকভাৱে সুসংগঠিত কৰি অসম আৰু অসমীয়াৰ স্বাধিকাৰ সুৰক্ষিত কৰাই আমাৰ মূল লক্ষ্য। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ নিৰ্বাচনী যুঁজত অসম গণ পৰিষদক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰোৱাটো অগপৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ মুখ্য দায়িত্ব।

লগতে তেওঁ, অগপৰ প্ৰতি থকা ডিব্ৰুগড়বাসী আৰু‌ তিনিচুকীয়াবাসীৰ মৰম আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি দুয়োখন জিলাত দলটোৰ সংগঠনৰ প্ৰতিটো স্তৰ শক্তিশালী কৰাত দলীয় কৰ্মকৰ্তাসকলক নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ সভাত আহ্বান জনাই।

ইয়াৰোপৰি সভাপতি বৰাই পোৱা-নোপোৱাৰ হিচাপ নকৰি বৰ্তমানক লগত লৈ ভৱিষ্যতমুখী দৃষ্টিভংগী আৰু জাতীয়তাবাদী চিন্তাৰে জাতিটোৰ হকে, অগপৰ হকে উৎসৰ্গিত মনোভাবেৰে কাম কৰি যাবলৈ শ্ৰদ্ধাৰ কৰ্মীসকলক আহ্বান জনাই।

ইফালে, উপস্থিত থকা দলটোৰ কাৰ্যকাৰী সভাপতিয়ে কেশৱ মহন্তয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কয় যে, সভাপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত অসম গণ পৰিষদ অপ্ৰতিৰোধ্য শক্তিৰে প্ৰাণৱন্ত হৈ উঠিছে। তৃণমূল পৰ্যায়ৰ দলটো সুসংগঠিত কৰা  শ্ৰদ্ধাৰ কৰ্মকৰ্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দুৰন্ত গতি লাভ কৰিছে। এই নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখি অধিক গতিশীলতাৰে দলটোক জনমুখী কৰি সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত নিৰঙ্কুশ বিজয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্ণোদ্যমেৰে প্ৰস্তুতি চলোৱাৰ বাবে আহ্বান জনাইছোঁ৷

আজিৰ এই কৰ্মকৰ্তা সন্মিলনতেই অসম গণ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শ্ৰী দীপক বৰুৱা আৰু কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শ্ৰী নৰেন্দ্ৰ মহেলাই  আজিৰ সভাতেই যোগদান কৰে৷

আজিৰ এই বিশেষ কৰ্মকৰ্তা সন্মিলনখনত বিধায়ক তথা দলৰ জ্যেষ্ঠনেতা ফনীভূষণ চৌধুৰী, দলটোৰ উপসভাপতি সকল, সাধাৰণ সম্পাদক আৰু সম্পাদক সকল, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকল, ভাতৃ আৰু ভগ্নী পৰিষদ সমূহৰ সভাপতি সকল আৰু সভানেত্ৰী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত সাংগঠনিক জিলা সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল, বিধান পৰিষদ সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল উপস্থিত থাকে৷

লগতে পঢ়ক – জাতিগত সংঘাতক সমাধান কৰাৰ উদ্দেশ্যেই মণিপুৰলৈ ৰাওনা গৃহমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply