গুৱাহাটী : দুৰ্নীতিৰ বিৰুদ্ধে ২০১১ চনত ৰাজধানীত ব্যাপক আন্দোলন গঢ়ি তোলা সমাজকৰ্মী আন্না হাজাৰেয়ে পুনৰ দুৰ্নীতিৰ বিৰুদ্ধে সাজু হৈছে। এইবাৰ তেওঁৰ নতুন সংগঠন নেচনেল পিপলছ মুভমেণ্ট গঠন কৰিছে। ৮৪ বছৰীয়া আন্না হাজাৰেয়ে ১৫ জুনত সম্পূৰ্ণ কৰিব ৮৫ বছৰ। তেওঁৰ জন্মদিনৰ উপলক্ষে ১৯ জুনত সংগঠনটো ঘোষণা কৰাৰ কথা।

আন্না ১৯ জুনত দিল্লীলৈ অহাৰ কথা। তেওঁ তাত নতুন সংগঠনটোৰ কৰ্মীসকলৰ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই সংগঠনটো দুৰ্নীতিৰ বিৰুদ্ধে গঠিত হ’ব। লোকায়ুক্ত আইনৰ সপক্ষে আন্দোলন আৰম্ভ কৰিবলৈ দেশৰ ২০০ তহচিলত সমিতি গঠন কৰা হৈছে। আন্না হাজাৰেৰ এই নৱ আন্দোনলৈ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে ২০১৭ আৰু ২০১৮ বৰ্ষৰ আন্নাৰ আন্দোলনৰ টীম আন্নাৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটিৰ ৰাষ্ট্ৰীয় সদস্য, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ডঃ শইকীয়াই কয় যে ২০১১ বর্ষৰ পৰা সমগ্ৰ দেশ ব্যাপি আন্নাৰ নেতৃত্বত এক বলিষ্ঠ আন্দোলন চলাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ ২০১৭-২০১৮ বৰ্ষত এক বলিষ্ঠ আন্দোলন চলে যদিও যি ধৰণে দেশত জন লোকপাল আইন প্ৰণয়নৰ দ্বাৰা উচিত প্ৰকাৰে হাতে কামে হৈ উঠিব লাগিছিল সেয়া আজি পৰ্যন্ত হৈ নুঠিল। সেয়ে আগন্তুক দিনত অধিক দৃঢ়তাৰে দেশৰ জনগণক লৈ আন্না আগবাঢ়িব বুলি আশা প্ৰকাশ কৰিছে ডঃ দিব্যজ্যোতি শইকীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply