গুৱাহাটী : ডাইনীকাণ্ডকলৈ সৰৱ অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়া। চৰকাৰৰ অৱহেলাৰ বাবেই অসমত ডাইনীকাণ্ড সংঘটিত হৈ থকাৰ অভিযোগ অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়াৰ। ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই অসমত এতিয়াও অন্ধবিশ্বাস তথা ডাইনীৰ নামত একাংশ নিৰীহ লোকক হত্যা তথা না না অত্যাচাৰৰ বলি হ’বলগীয়া হৈ আছে বুলি কয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই।
উল্লেখ্য যে বাক্সাৰ ডুমুনীত ডাইনীৰ নামত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। সভ্য সমাজক লজ্জানত কৰি ডাইনী সন্দেহত একেটা পৰিয়ালৰ দুজনক হত্যা কৰা হয়৷ ডাইনী সন্দেহত পতি-পত্নী ক্ৰমে শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিক হানি খুচি হত্যা কৰা হয়৷ সুৰজ এক্কা নামৰ এজন লোকে সংঘটিত কৰে এই হত্যাকাণ্ড। জানিব পৰা মতে সুৰজ এক্কা নামৰ লোকজনৰ পৰিয়ালত বহুদিন ধৰি কিছুমান অদ্ভূত ঘটনা সংঘটিত হৈ আহিছিল বুলি তেওঁ উল্লেখ কৰে৷
সুৰজ এক্কাই ডুমুনীৰ দুই বৃদ্ধ শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিয়ে পৰিয়ালটোক তন্ত্ৰ-মন্ত্ৰ কৰা বুলি সন্দেহ কৰি ভয় ভাবুকি দি থকাৰ সময়তে শুক্ৰা কছুৱাৰ ঘৰত প্ৰৱেশ কৰি দুই পতি-পত্নীক চোকা অস্ত্ৰৰে আক্ৰমন কৰি হত্যা কৰে। হত্যাৰ বলি হোৱা দম্পত্তি হালৰ জীয়ৰীয়ে জানিব দিয়া মতে ডাইনী সন্দেহতে তেওঁৰ পিতৃ-মাতৃক সুৰজ এক্কাই হত্যা কৰিছে ৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় অন্ধবিশ্বাস বিৰোধী নেতা, মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত অগ্ৰণী সামাজিক সংগঠন “Brothers” ৰউদ্যোগত বিগত ২০০৮ বৰ্ষৰ পৰা অন্ধবিশ্বাস তথা ডাইনী কাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত সৱল ভূমিকা লৈ তেওঁ এক সংগ্ৰাম চলাই ডাইনী কাণ্ড হ্ৰাস কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ যুগটো এনে ঘটনা সংঘটিত হৈ আছে।
লগতে পঢ়ক – ডাইনীকাণ্ডকলৈ সৰৱ অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়া
আনহাতে ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বতেই এখন কঠোৰ আইন প্ৰণয়নৰ বাবে দীৰ্ঘদিন দাবী উত্থাপন কৰি সংগ্ৰাম চলাই অহাৰ পৰৱৰ্তী পৰ্যায়ত ২০১৫ বৰ্ষত অসম বিধান সভাত ডাইনী কাণ্ড ৰোধৰ হেতু এক বিধেয়ক গৃহীত কৰা হয়। ইফালে উক্ত বিধেয়ক ২০১৮ বৰ্ষত ৰাষ্ট্ৰপতিৰ হস্তাক্ষৰৰ দ্বাৰা (The Assam Witch- Hunting PPP ACT2015) আইন প্ৰণয়ন কৰা হয় যদিও অসম চৰকাৰৰ দ্বাৰা উপযুক্ত সজাগতাৰ অভাৱৰ বাবেই আজিও ডাইনীৰ নামত হত্যাকাণ্ড সংঘটিত হৈ আছে বুলি ডঃ শইকীয়াই উল্লেখ কৰে।