নিউজ ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় “দিলীপ ডান্স একাডেমি জীৱন জোৰা সাফল্য বঁটা” প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক ২০২০ বৰ্ষৰ, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক ২০২১ বৰ্ষৰ, বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জিক ২০২২ বৰ্ষৰ আৰু বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাক ২০২৩ বৰ্ষৰ “দিলীপ ডান্স একাডেমি জীৱন জোৰা সাফল্য বঁটা” প্ৰদান কৰা হয়।

মন কৰিবলীয়া যে, আধুনিক নৃত্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে এক পৰিচয় সৃষ্টি কৰিবলৈ সমৰ্থ হোৱা এখন নৃত্য শিক্ষাৰ প্ৰতিষ্ঠান হ’ল “দিলীপ ডান্স একাডেমি”(DDA)। ২০০৭ চনৰ ২৯ এপ্ৰিল তাৰিখে গুৱাহাটী মহানগৰীত প্ৰতিষ্ঠা হোৱা এই শিক্ষা প্ৰতিষ্ঠান খনিয়ে সফলতাৰে ১০ বছৰ পূৰ্ণ কৰাৰ সময়তে ২০১৭ চনত আৰম্ভ কৰিছিল “দিলীপ ডান্স একাডেমি জীৱনজোৰা সাফল্য বঁটা”। বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে অৰিহনা আগবঢ়াই অসমীয়া সংস্কৃতিৰ বহুৰঙী পথাৰখন সমৃদ্ধ কৰা ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা হৈছে।

২০১৭ চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰদান কৰি অহা এই সন্মানীয় বঁটা  ক’ভিড পৰিস্থিতিৰ বাবে মাজৰ সময়চোৱাত বিঘ্নিত হৈছিল। যাৰ বাবে আজিৰ এই অনুষ্ঠানত ২০২০ ৰ পৰা ২০২৩ বৰ্ষলৈকে একেলগে উক্ত সন্মানীয় বঁটা প্ৰদান কৰা হয়।

আজি এই অনুষ্ঠানত মন্ত্ৰী বিমল বড়াৰ সৈতে অভিনেতা যতীন বৰা ,সংগীত শিল্পী বিদ্যা সাগৰ, কৰিঅ’গ্ৰাফাৰ দীপক দে’, পংকজ ইংতিৰ লগতে সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

লগতে পঢ়ক – টুনী নদীৰ পাৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply