নিউজ ডেস্ক- আজিৰে পৰা পোনপটীয়া আকাছা বিমান সেৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা মুম্বাই আৰু বেংগালুৰুলৈ গোটেই সপ্তাহৰ বাবে বিমান সেৱাৰ সংযোজন কৰিছে। বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ গ্ৰীষ্মকালীন অনুসূচীত এই দুয়োখন বিমানৰ সংযোজন কৰা হৈছে।

উল্লেখ্য যে, গুৱাহাটীত বর্ধিত যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বছৰ দেশৰ অন্যতম বিমান সেৱা প্ৰতিস্থান আকাছা বিমান সেৱাক গুৱাহাটী বিমান কোঠত নিযুক্ত কৰা হৈছিল।

অভ্যন্তৰীণ খণ্ডৰ বিমান কিউ পি-১৫০৪য়ে গুৱাহাটীৰ পৰা সন্ধিয়া ১৭-৪৫ বজাত মুম্বাইলৈ ৰাওনা হ’ব আৰু নিশা ২১-১৫ বজাত গৈ অৱতৰণ কৰিব। আনহাতে, কিউ পি-১৫০৩ বিমানখনে মুম্বাইৰ পৰা ১৪-০০ বজাত ৰাওনা হ’ব আৰু সন্ধিয়া ১৭-০৫ বজাত আহি গুৱাহাটীত অৱতৰণ কৰিব ৷

আনহাতে, অভ্যন্তৰীণ খণ্ডৰ বিমান কিউ পি-১১৩৫খনে সন্ধিয়া ১৯-২৫ বজাত গুৱাহাটীৰ পৰা ৰাওনা হৈ ৰাতি ২২-১৫ বজাত গৈ বেংগালুৰুত অৱতৰণ কৰিব। লগতে কিউ পি-১১৩৪ বিমানখনে বেংগালুৰুৰ পৰা ১৫-৩৫ বজাত ৰাওনা হৈ সন্ধিয়া ১৮-৫০ বজাত গুৱাহাটীত অৱতৰণ কৰিব।

উল্লেখ্যে যে, দুয়োখন বিমানে আনুষ্ঠানিকভাৱে কালিৰ পৰা সেৱা আৰম্ভ কৰিছে আৰু সপ্তাহৰ প্ৰতিদিনেই এই বিমানসেৱা অব্যাহত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply