নিউজ ডেস্ক: সমাগত অম্বুবাচী মেলালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভক্তসকলৰ মাজত আহাৰ বিতৰণ ব্যৱস্থা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়৷

অতিৰিক্ত উপায়ুক্ত শ্ৰী বিক্ৰম ছেত্ৰী আৰু যোগান বিভাগৰ উপ-সঞ্চালকৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত বিগত বৰ্ষবোৰত ভক্তক শিবিৰত আহাৰ যোগান ধৰি অহা বেচৰকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে৷ সংস্থাসমূহে জিলা প্ৰশাসনে ভগাই দিয়া অনুসৰি শিবিৰতে আহাৰ প্ৰস্তুত কৰি ভক্তৰ মাজত বিতৰণ কৰিব৷

উল্লেখ্য যে, ভক্তৰ বাবে আহাৰ প্ৰস্তুত কৰোতে পৰিস্কাৰ- পৰিচ্ছন্নতাৰ দিশটোক সৰ্বাধিক গুৰুত্ব দিবলৈ আৰু খাদ্যৰ উচ্চ মান ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনায়৷ লগতে, বৈঠকত জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ ৰূপে প্লাষ্টিকৰ প্লেট আৰু গ্লাছ বৰ্জন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

লগতে পঢ়ক – মণিপুৰত শান্তি পুনৰ্স্থাপনৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ নতুন দিল্লীত পৰ্যালোচনা বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply