নিউজ ডেস্কঃ শনিবাৰে জনতা ভৱন কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন বৈঠক অনুষ্ঠিত কৰি ৰাজ্যত জল জীৱন মিছনৰ বৰ্তমানৰ স্থিতি আৰু অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে।
আলোচনাত ঠিকাদাৰসকলৰ কামৰ অগ্ৰগতি আৰু পাৰদৰ্শিতাৰ বুজ লোৱাৰ লগতে নিম্ন মানদণ্ডৰ কাম আগবঢ়োৱা ঠিকাদাৰৰ বিৰুদ্ধে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।
লগতে, FHTCৰ জৰিয়তে লাভ কৰা পানীৰ উন্নত মানদণ্ড বর্তাই ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰিবলগীয়া জল উৎসৱ পদক্ষেপৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
বৈঠকৰ পিছত মন্ত্ৰী গৰাকীয়ে সমাজিক মাধ্যমৰ জৰিয়েত জনাই যে, ৰাজ্যত জল জীৱন আচঁনিৰ অভিযানৰ সামগ্ৰিক অগ্ৰগতি দ্ৰুত গতিত আগবাঢ়িছে। আশাকৰোঁ এই সঠিক আৰু প্ৰণালীবদ্ধ কৰ্ম পদ্ধতিৰে আমি নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জী ডাঙৰীয়াৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হ’ম যাতে ৰাজ্যৰ প্ৰতিটো ঘৰতে বিশুদ্ধ খোৱাপানী নিশ্চিত হয়।
লগতে পঢ়ক – “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক