নিউজ ডেস্ক: নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কর্তৃপক্ষ আৰু সম্পর্কিত বিষয়াবর্গৰ সৈতে শুক্ৰবাৰে জনতা ভৱনৰ কার্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এক বৈঠকত মিলিত হয়। বৈঠকত চিকিৎসা মহাবিদ্যালয়খনৰ সৈতে জড়িত বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ সম্পর্কত বিশদ আলোচনা কৰা হয়।

আন্তঃগাঁথনি, ২৪×৭ সেৱাৰ বাবে প্রয়োজনীয় স্বাস্থ্যকর্মী তথা চিকিৎসা মহাবিদ্যালয়খন সুচাৰুৰূপে চলাই নিবৰ বাবে অন্যান্য সমস্যাসমূহৰ বিষয়েও সভাত আলোচনা কৰা হয়।

বৈঠকত নলবাৰীৰ পূর্বৰ শ্বহীদ মুকুন্দ কাকতি আসামৰিক হস্পিটালৰ চৌহদত স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা কেন্সাৰ হস্পিটালখনৰ নির্মাণ কার্যৰ প্রস্তুতিৰ বিষয়েও আলোচনা কৰা হয়। স্থাপন হ’বলগীয়া হস্পিটালখন অসম চৰকাৰ আৰু টাটা ট্রাষ্টৰ মাজত যৌথ উদ্যোগত গঠিত ‘আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন’ৰ অন্তর্গত নির্মাণ কৰা হ’ব।

বৈঠকত পিছতেই মন্ত্ৰী গৰাকীয়ে সমাজিক মাধ্যম জৰিয়তে কয় যে,  মোৰ দৃঢ় বিশ্বাস এইখন চিকিৎসালয়খন সম্পূর্ণ হৈ উঠিলে কেন্সাৰ ৰোগৰ উন্নত চিকিৎসা নলবাৰীতে উপলদ্ধ হ’ব। এনে ধৰণৰ সর্বাত্মক উন্নয়নৰ যোগেদি নলবাৰী এসময়ত স্বাস্থ্যখণ্ডত দৃষ্টান্তমূলক ভাবে আগবাঢ়ি যাব।

উক্ত বৈঠকত চিকিৎসা শিক্ষা আৰু গৱেষণাৰ আয়ুক্ত আৰু সচিব সিদ্ধার্থ সিং, DME ডাঃ অনুপ বর্মন, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেশ চন্দ্র শর্মা, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক মাধৱ চন্দ্র ৰাজবংশী, লোকনির্মাণ (গৃহ/স্বাস্থ্য/শিক্ষা) বিভাগৰ মুখ্য অভিযন্তা ভূপেন্দ্ৰ শৰ্মাৰ লগতে টাটা ট্ৰাষ্টৰ বিষয়াবর্গ তথা অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক – এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ষষ্ঠ স্থানতেই সন্তুষ্ট হ’বলগীয়া হয় মীৰাবাঈ চানু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply