নিউজ ডেস্কঃ জালুকবাৰী সমষ্টিত বুধবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে “আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা” আৰু “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা”ৰ অধীনৰ  হিতাধিকাৰী সকলৰ মাজত “আয়ুষ্মান কাৰ্ড” বিতৰণৰ শুভাৰম্ভ কৰে । উক্ত সমষ্টিৰ ৯৪,০২৬ গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব।

উক্ত খাদ্য নিৰাপত্তা আইনৰ অধীনৰ হিতাধিকাৰী সকল অৰ্ন্তভুক্ত হোৱা এই ধ্বজাবাহী আঁচনি দুখনৰ জৰিয়তে ৰাজ্যৰ ৩০০ ৰো অধিক চৰকাৰী আৰু বেচৰকাৰী তালিকাভুক্ত চিকিৎসালয়ৰ লগতে সমগ্ৰ দেশতে আয়ুষ্মান  ভাৰতৰ সুবিধা উপলব্ধ থকা চিকিৎসালয়ত  ২৪ প্ৰকাৰৰ চিকিৎসা বিশেষত্ব সামৰি লোৱাকৈ ১৯০০ টা চিকিৎসা প্ৰদ্ধতি তথা অস্ত্ৰোপচাৰৰ নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰা হ’ব ৷

“আয়ুষ্মান কাৰ্ড” বিতৰণৰ কৰি মন্ত্ৰী গৰাকীয়ে কয়, সাৰ্বজনীন স্বাস্থ্যসেৱাৰ নিশ্চয়তা প্ৰদান কৰি  ২০১৮ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা আয়ুষ্মান ভাৰত আঁচনিৰ সম্প্ৰসাৰিত ৰূপ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিগদৰ্শনত আমাৰ চৰকাৰে “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” নামৰ বৃহত্তম আঁচনিখন প্ৰস্তুত কৰিছে ।

লগতে কয়, মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰদৰ্শী নেতৃত্বত অসমৰ স্বাস্থ্যখণ্ডত ইতিমধ্যে আমূল পৰিৱৰ্তন সাধন হৈছে। “সকলোৰে বাবে সুস্বাস্থ্য” ৰ লক্ষ্যৰে স্বাস্থ্যখণ্ডত নতুন নতুন সংযোজনৰ জৰিয়তে অত্যাধুনিক স্বাস্থ্যসেৱা সহজলভ্য কৰিবলৈ প্ৰয়াস অব্যাহত ৰখা হৈছে। এই প্ৰয়াসৰ অংশ হিচাপে এই আঁচনিখন আগবঢ়াবলৈ পাই আমি সুখী হৈছোঁ ৷

এই শুভাৰম্ভ অনুষ্ঠানত কামৰূপৰ জিলা আয়ুক্ত কৃৰ্তি জল্লী, স্বাস্থ্যসেৱা সঞ্চালক(পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযান ছছাইটিৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিত তালুকদাৰ, মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপৰ অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য)কমল বৰুৱা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক – মহানগৰীত ৰ’য়েল গ্ল’বেল স্কুল বাছৰ খুন্দাত থিতাতে নিহত স্কুলীয়া ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply