নিউজ ডেস্কঃ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত মঙলবাৰে জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত ৪ গৰাকী কৃত্তি শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়।

চতুৰ্থ স্থান প্ৰাপ্ত  ডিব্ৰুগড় লিটল ফ্লাৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেবাংগনা ডেকা আৰু দুলীয়াজান চেইন্ট জেভিয়াৰ্ছ বিদ্যালয়ৰ স্বাতী কিৰণ গগৈ,ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  ষষ্ঠ স্থান প্ৰাপ্ত অক্ষয় কালায় আৰু লিটল ফ্লাৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম স্থান প্ৰাপ্ত বনশ্ৰী গগৈক প্ৰশাসনৰ তৰফৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰি সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱা আৰু বিদ্যালয়ৰ পৰিদৰ্শক বিন্তি শৰ্মা লগতে কৃত্বিত শিক্ষাৰ্থী সকলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।

উপস্থিত বিধায়ক সকল, উপায়ুক্ত মহোদয় আৰু উপস্থিত বিষয়া সকলে উত্তীর্ণ হোৱা ছাত্ৰ ছাত্রী সকলক ফুলাম গামোচা, শৰাই আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে।

সম্বৰ্ধনা প্ৰদান কৰি উপায়ুক্ত মহোদয়ে সকলো ছাত্ৰ- ছাত্রীক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে চমুকৈ মত-বিনিময় কৰে আৰু লগতে শুভ কামনা প্রদান কৰে। এই সভাত জিলা উপায়ুক্ত মহোদয়ৰ লগতে দুয়োগৰাকী বিধায়কে স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক সকলক কিছু গুৰুত্বপূৰ্ণ মন্তব্যৰ লগতে ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে।

লগতে পঢ়ক – ৰাজ্যসভা সদস্যৰ দৰমহা আৰু ভাট্টা বাবদ ২০০ কোটি টকা ব্যয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply