গুৱাহাটী : গুৱাহাটীবাসীলৈ পুনৰ প্ৰশাসনৰ আহ্বান। অতিকৈ প্ৰয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাহিবলৈ গুৱাহাটীবাসীক আহ্বান জনাইছে প্ৰশাসনে। জৰুৰী অৱস্থাৰ বাবে হেল্প লাইন নম্বৰ মুকলি প্ৰশাসনৰ।
অপৰিবৰ্তিত হৈ আছে গুৱাহাটীৰ কৃত্ৰিম বান পতিস্থিতি। গুৱাহাটীৰ বহু অঞ্চলৰ ৰাইজ এতিয়াও ককবকাই আছে কৃত্ৰিম বানপানীৰ মাজত। এফালে কৃত্ৰিম বানপানী আনফালে ভূমিস্খলনৰ ঘটনাই অধিক চিন্তিত কৰি তুলিছে জিলা প্ৰশাসনক।
বৰষুণৰ ধাৰা অব্যাহত থকাত গুৱাহাটী কৃত্ৰিম বান পতিস্থিতি সোনকালে উন্নত হোৱাৰ সম্ভাৱনা ক্ষীণ। আনফালে বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনাও বৃদ্ধি পোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।
কৃত্ৰিম বান আৰু ভূমিস্খলনকলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে পুনৰ গুৱাহাটীবাসী ৰাইজক নিৰাপদ স্থানত থাকৰ বাবে আহ্বান জনাইছে। প্ৰশাসনে অতিকৈ প্ৰয়োজন নহ’লে গুৱাহাটীবাসীক ঘৰৰ বাহিত ওলাই নাহিবলৈ আহ্বান জনাইছে।
লগতে পঢ়ক – চকলেট খাবলৈ ৫টকা বিচৰাৰ অপৰাধত গৰম ৰডেৰে সন্তানক প্ৰহাৰ কৰিলে মাতৃয়ে
যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬/ফিল্ড অফিচাৰ গুৱাহাটীক ৯৭০৭৭-২৭৪২২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০/২৯৯৮৪ অথবা প্ৰশাসনৰ টল ফ্ৰী নম্বৰ ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তক দুদিন বৰষুণৰ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে।