বৰপেটা : বানপানীৰ লগতে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে গৰাসহনীয়াই। এফালে বানপানীত ডুব গৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল আনফালে গৰাখহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ গৈছে এটাৰ পিছত আনটো অঞ্চল। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে বৰপেটা জিলাত।
ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি বৰপেটা জিলাৰ বাঘবৰত প্ৰায় নিঃচিহ্ন হোৱাৰ পথত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ স্মৃতি বিজড়িত বাঘবৰৰ বৈঠাপুতা সত্ৰৰ লগতে ৰজা দিনীয়া ঐতিহাসিক বাঘেশ্বৰী মন্দিৰ। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বাঘবৰ গাঁও সম্পুৰ্ণৰূপে জাহ যোৱাৰ আশংকাই দেখা দিছে। কিছুদিন পূৰ্বে অসম জাতীয় মহাসভাৰ প্ৰধান সম্পাদক হৰেকষ্ণ তালুকদাৰৰ নেতৃত্বত এটি দলে গৰাখহনীয়া গ্ৰস্ত এলেকা পৰিদৰ্শন কৰিছিল।
ইয়াৰ পিছতে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জিলাখনৰ বাঘবৰ সমষ্টিৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে৷ উল্লেখ্য যে বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘবৰ গাঁৱত ব্ৰহ্মপুত্ৰ নদীয়ে সত্তৰ দশকত আৰম্ভ কৰিছিল গৰাখহনীয়া৷ প্ৰায় ৪৫ বছৰ পূৰ্বে আৰম্ভ হোৱা এই গৰাখহনীয়াই সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ চাৰি দশকৰো অধিক সময় ধৰি চলি থকা গৰাখহনীয়াই গাঁওখনৰ হাজাৰ হাজাৰ কৃষি ভূমি আৰু বহু পৰিয়ালৰ ঘৰ বাৰী উচন কৰি পেলাইছে৷
লগতে পঢ়ক – অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে যোৰহাট-মাজুলী ফেৰীসেৱা
বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে বাঘবৰৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰক অৱগত কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ বৰপেটা জিলাৰ সমস্যা সন্দৰ্ভত নিজে চৰজমিন তদন্ত কৰা বুলি উল্লেখ কৰি উপাযুক্ত গৰাকীয়ে শীঘ্ৰেই এই ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে৷ উল্লেখ্য যে বৰপেটাৰ লগতে নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।