নিউজ ডেস্ক: গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ১১ মে’ৰ পৰা  ১৭  মে’ ২০২৩লৈ প্ৰতিবন্ধী ব্যক্তিৰ সশক্তিকৰণ বিভাগে সমগ্ৰ দেশৰ দিব্যাংগ উদ্যোগী তথা শিল্পীসকলৰ সামগ্ৰী আৰু কাৰুশিল্প প্ৰদৰ্শন কৰি এক অনন্য অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানটোৱে জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ জীৱন্ত সামগ্ৰী, হস্তশিল্প, হস্ততাঁত, এম্ব্ৰইডাৰীৰ কাম আৰু পেকেটযুক্ত খাদ্য আদিয়ে দৰ্শনাৰ্থীসকলৰ বাবে এক আকৰ্ষণীয় অভিজ্ঞতা প্ৰদান কৰিব।

দিব্যাংগজনৰ অৰ্থনৈতিক সৱলীকৰণৰ দিশত ডিইপিডব্লিউডিৰ এয়া এক অনন্য পদক্ষেপ। দিব্যা কলা মেলাই দিব্যাংগ লোকসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰী আৰু দক্ষতা প্ৰদৰ্শনৰ বাবে এক ডাঙৰ মঞ্চ উপস্থাপন কৰিছে।

প্ৰায় ২২ খন ৰাজ্যৰ প্ৰায় ১০০ গৰাকী দিব্যাংগ শিল্পী আৰু উদ্যোগীয়ে তেওঁলোকৰ সামগ্ৰী আৰু দক্ষতা প্ৰদৰ্শন কৰিব। ৭ দিনীয়া ‘দিব্যা কলা মেলা’, গুৱাহাটী ৰাতিপুৱা ১০.০০ বজাৰ পৰা নিশা ১০.০০ বজালৈ মুকলি থাকিব।

১১ মে’ত সন্ধিয়া ৫.০০ বজাত কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে অনুষ্ঠানটো উদ্বোধন কৰাৰ কথা আছে। এই উপলক্ষে ভাৰত চৰকাৰৰ ৰাজ্যিক সামাজিক ন্যায় মন্ত্ৰী শ্ৰীমতী প্ৰতিমা ভৌমিক এই অনুষ্ঠানত উপস্থিত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply