গুৱাহাটী- বয়স বাঢ়ি অহাৰ লগে লগে চুলি পকাটো এটা সাধাৰণ সমস্যা। বৰ্তমান সময়ত বিভিন্ন সমস্যাৰ বাবেও কম বয়সতে চুলি পকা দেখা যায়। কম বয়সতে চুলি পকাৰ কাৰণসমূহ জানো আহক-
১/ ভিটামিন বি ১২ৰ অভাৱৰ বাবেও আপোনাৰ কম বয়সতে চুলি বগা হ’ব পাৰে। যেতিয়া শৰীৰত এই গুৰুত্বপূৰ্ণ পদাৰ্থৰ পৰিমাণ কমি যায়, তেতিয়া চুলি পকিবলৈ আৰম্ভ কৰে। এই ভিটামিনে চুলিৰ বৃদ্ধি আৰু চুলিৰ ৰং নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
২/ বংশানুক্ৰমিক ভাৱেও কম বয়সতে চুলি বগা হ’ব পাৰে। বগা চুলিৰ এই সমস্যাৰ কোনো নিৰাময় নাথাকে। কাৰণ, ই আপোনাৰ জিনৰ সৈতে জড়িত।
৩/ অত্যাধিক চিন্তাও চুলি পকাৰ অন্যতম কাৰণ হ’ব পাৰে। ব্যক্তিৰ মানসিক চাপ অত্যধিক হোৱাৰ ফলতো মানসিক চাপে চুলিৰ শিপাত থকা ষ্টেম চেলবোৰ দুৰ্বল কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত চুলিবোৰ বগা হ’বলৈ আৰম্ভ কৰে।
৪/ বহু পৰিমাণৰ ধূমপান কৰিলেও বয়সৰ আগতে চুলি বগা হৈ যাব পাৰে। কাৰণ, ধূমপান কৰাৰ ফলত শিৰাবোৰ সংকুচিত হৈ তাত তেজৰ সোঁত কমি যায়। যাৰ বাবে চুলিৰ শিপাবোৰে পৰ্যাপ্ত পৰিমাণৰ পুষ্টি নাপায় তাৰবাবে চুলি বগা হ’বলৈ আৰম্ভ কৰে।