নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিশিষ্ট লেখিকা তথা সাহিত্যিক নিৰুপমা বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে সন্মানীয় ডি লিট সন্মান। বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক জিতেন হাজৰিকা আৰু পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে বৰগোহাঞিৰ গুৱাহাটীস্থিত বাসগৃহ উপস্থিত হৈ উক্ত সন্মানীয় ডিগ্ৰী প্ৰদান কৰে।

৩ মে’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চৌহদত অনুষ্ঠিত হোৱা ২১ সংখ্যক সমাৱৰ্ত্তন অনুষ্ঠানত সাহিত্যিক গৰাকীক সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ লোৱা হৈছিল যদিও বৰগোহাঞিয়ে স্বাস্থ্যজনিত কাৰণ উপস্থিত থাকিব নোৱাৰিলে।

সেয়েহে বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক জিতেন হাজৰিকা আৰু পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে অসমীয়া সাহিত্যৰ বিশাল ক্ষেত্ৰখনলৈ বৰগোহাঞিয়ে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁৰ বাসৃগত গৈ সন্মানীয় ডক্টৰ অব্ লিটাৰেচাৰ ডিগ্ৰীৰে সন্মানিত কৰে।

উল্লেখ্য যে, বৰগোহাঞিয়ে অতি আন্তৰিকতাৰে আৰু কৃতজ্ঞতাৰে সন্মানায় ডিগ্ৰী গ্ৰহণ কৰি সাহিত্যিক গৰাকীয়ে জীৱনৰ বিয়লী বেলাত এই সন্মানক শ্ৰেষ্ঠতম বুলি আখ্যা দিয়ে।

লগতে পঢ়ক – গৃহমন্ত্ৰীয়ে আজি কলাক্ষেত্ৰত অসম আৰক্ষী সেৱা সেতু পৰ্টেল মুকলি কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply