৪০ বছৰ কাৰাবাস হ’ব ট্ৰাম্পৰ! কিন্তু কিয়?
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৪০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ এক তদন্ত সমিতিয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহকে ধৰি চাৰিটা অভিযোগ উত্থাপন কৰিছে।
যদি এই সকলো অভিযোগ প্ৰমাণিত হয় তেন্তে ট্ৰাম্প ৪০ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে। একে সময়তে তেওঁ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনতো অংশগ্ৰহণ কৰিব নোৱাৰিব।
২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ পৰাজয়ৰ পিছত তেওঁৰ সমৰ্থকসকলে নিৰ্বাচনৰ ফলাফল প্ৰত্যাখ্যান কৰে। তাৰ পিছত ২০২১ চনৰ ৬ জানুৱাৰীত তেওঁলোকে কেপিটল হিল আক্ৰমণ কৰে।
বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা এখন সমিতিয়ে আক্ৰমণটোত ট্ৰাম্প জড়িত থকা বুলি সন্দেহ কৰিছিল। সেয়েহে তেওঁলোকে ট্ৰাম্পক ৰাষ্ট্ৰদ্ৰোহকে ধৰি মুঠ চাৰিটা অভিযোগত বিচাৰ কৰিবলৈ পৰামৰ্শ দিছে।
২০২০ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত, ২০২১ চনৰ ৬ জানুৱাৰীত জো বিডেনক নতুন ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত কৰা হয়। ট্ৰাম্পৰ বিৰুদ্ধে বিডেনৰ কাৰ্যভাৰ গ্ৰহণ প্ৰতিহত কৰিবলৈ সংঘৰ্ষক উচটনি দিয়াৰো অভিযোগ উত্থাপন হৈছে।
সমিতিখনে কেপিটল হিলৰ ঘটনাত ট্ৰাম্প জড়িত থকা তথা উচটনি দিয়াৰ বিষয়টো সুদীৰ্ঘ ১৮ মাহ ধৰি তদন্ত কৰে। তাৰপিছতে তেওঁলোকে ট্ৰাম্পৰ বিৰুদ্ধে চাৰিটা অভিযোগৰ পৰামৰ্শ দিছে। বিদ্ৰোহত উচটনি আৰু সহযোগিতা, চৰকাৰী কামত বাধা, আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ আৰু মিছা বিবৃতি দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ।
উল্লেখ্য যে দেশৰ ন্যায় বিভাগে এই অভিযোগবোৰৰ ওপৰত ট্ৰাম্পৰ বিচাৰ কৰা হ’ব নে নহয় তাৰ সিদ্ধান্ত ল’ব। ন্যায় বিভাগ তদন্ত সমিতিৰ পৰামৰ্শ পালন কৰিবলৈ বাধ্য নহয়।