নিউজ ডেস্ক- কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকত সচিবালয় কৰ্মচাৰীৰ বদলিকৰণ নীতি, আদিবাসীসকলৰ বাবে উন্নয়ন পৰিষদ গঠন, গ্ৰেচুইটী আইন সংশোধন, সুনিশ্চিত খাদ্য সুৰক্ষা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসম সচিবালয় সেৱা আৰু অসম সচিবালয় অধীনস্থ সেৱাৰ অধীনত বিষয়া কৰ্মচাৰীৰ বাবে প্রস্তাৱিত বদলিকৰণৰ নীতি ৰূপায়ণ কৰা হয়। এটা বিভাগত অবৰ সচিব/উপ-সচিব/যুটীয়া সচিন/অতিৰিক্ত সচিবৰ কার্যকাল হ’ব ৩ বছৰ। বিভাগ এটাত শাখা বিষয়া/সহকাৰী শাখা বিষয়া/কনিষ্ঠ প্রশাসনিক সহায়ক বা ছিনিয়ৰ গ্রেড কম্পিউটাৰ অপাৰেটৰ/কম্পিউটাৰ অপাৰেটৰৰ কাৰ্যকাল হ’ব ৫ বছৰ।
আদিবাসী উন্নয়ন পৰিষদ গঠনতো কেবিনেটে অনুমোদন জনায়। ১৫ ছেপ্টেম্বৰ ২০২২ত স্বাক্ষৰিত আদিবাসী চুক্তি অনুসৰি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা হ’ব। লগতে ৰাজনৈতিক, অর্থনৈতিক আৰু শৈক্ষিক আকাংক্ষা পূৰ্ণ কৰিবলৈ গঠন কৰিবলগীয়া পৰিষদখনে আদিবাসীসকলৰ সামাজিক, সাংস্কৃতিক, ভাষিক আৰু জাতিগত পৰিচয় সুৰক্ষিত, সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ লগতে আদিবাসী অধ্যুষিত গাঁও/অঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ দ্ৰুত বিকাশ নিশ্চিত কৰিব।
ইফালে গ্রীনফিল্ড বিমানবন্দৰৰ বাবে স্থানান্তৰিত হ’ব লগা ডলু চাহ বাগিচাৰ ১৭৩টা পৰিয়ালক ঘৰ নিৰ্মাণৰ হেতু ২.৫০ লাখ টকাকৈ আৰু ১,৪৯৬টা নৈমিত্তিক শ্রমিক পৰিয়ালক ক্ষতিপূৰ্ণ হিচাপে ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ কেবিনেটে অনুমোদন জনায়।
এতিয়াৰে পৰা ড্রাইভিং লাইচেঞ্চ বা আৰ চি পাবলৈ অপেক্ষা কৰিব নালাগে। ইলেক্ট্রনিক ব্যৱস্থাৰে নিজেই প্ৰিণ্ট কৰিব পৰাকৈ পি ডি এফ মাধ্যমত পোৱাৰ ব্যৱস্থা কেবিনেটে অনুমোদন জনাইছে। পৰিবহণ বিভাগে ৩ মাহৰ পাছত কিউ আৰ-সম্বলিত স্মার্ট কার্ডৰ বাহন চালনা অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ জাৰি ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰিব।
আনহাতে, গ্রেচুইটী আইনৰ ২ আৰু ১০ নম্বৰ ধাৰাৰ সংশোধনীত উক্ত কেবিনেটে অনুমোদন জনাইছে। এই সিদ্ধান্তই ‘গ্রেচুইটা মজুৰিৰ সংজ্ঞা সম্পর্কে বিভ্রান্তি দূৰীকৰণৰ লগতে ২,৫০০ টকাৰ মজুৰি চিলিং আঁতৰ কৰিব। আৰু এবছৰত কৰ্মচাৰীসকলে কিমান দিন কাম কৰিলে তেওঁলোকক নিয়মীয়া সেৱাত থকা বুলি গণ্য কৰা হ’ব, তাৰ ব্যাখ্যা স্পষ্ট কৰিবলৈ বছৰটোত ২৪০ দিন সেৱা আগবঢ়োৱাক নিয়মীয়া সেৱা হিচাপে বিবেচনাৰ ব্যৱস্থা কৰা হ’ব।