গুৱাহাটী : গোসাঁইগাঁৱৰ ডাইনীকাণ্ডক তীব্ৰ গৰিহণা ডঃ দিব্যজ্যোতি শইকীয়াৰ। ডাইনীৰ নামত হত্যা সংঘটিত হোৱা হত্যাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ইষ্টম’জ’ৰ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ডঃ দিব্যজ্যোতি শইকীয়াই কয় যেন এনে ঘটনা গৰিহণাৰ যোগ্য। তেওঁ কয় যদিও আজি বিজ্ঞান প্ৰযুক্তিৰ দিনত মানুহ শিক্ষিত হৈছে তথাপিও আজি অধিকাংশ লোক অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই। ইয়াৰ মূল কাৰণ হৈছে জীৱিকাৰ বাবে মানুহে কেৱল পাঠ্যপুথিৰ শিক্ষাৰে শিক্ষিত হৈ অৰ্থাৎ স্বাক্ষৰ হৈ জীৱন নিৰ্বাহ কৰিছে। এনে লোক গুণগত জ্ঞানলব্ধ শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবেই অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত নিমজিত হৈ থকা বুলি ডঃ শইকীয়াই উল্লেখ কৰে।

লগতে পঢ়ক – NIT শিলচৰত নিৰ্যাতনৰ বলি ছাত্ৰ; এজাহাৰকাৰী ছাত্ৰৰ বিৰুদ্ধে নিয়ম ভংগৰ অভিযোগ কৰ্তৃপক্ষৰ

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ মোহনপুৰ গাঁৱত যোৱা ৮ মে’ৰ নিশা ডাইনীৰ নামত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। এগৰাকী ৪৫ বছৰীয়া মহিলাক চাৰি দুৰ্বৃত্তই ডাইনী সজাই নৃশংসভাৱে হত্যা কৰিছিল। চাৰি দুৰ্বৃত্তই মহিলা গৰাকীক হত্যা কৰি গছত ওলমাই থৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত তিনিজনক আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply