নিউজ ডেস্ক – দেশৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত সকলোতকৈ শিক্ষিত মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী। ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কথাই কোৱা হৈছে৷ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান The Print এ দেশৰ ৩০জন মুখ্যমন্ত্ৰীৰ শেহতীয়া নিৰ্বাচনী শপতনামাৰ ভিত্তিত প্ৰকাশ কৰা এক বাতৰি অনুসৰি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই হৈছে দেশৰ আটাইতকৈ শিক্ষিত মুখ্যমন্ত্ৰী৷ ডক্টৰেট, আইনৰ ডিগ্ৰীৰে উচ্চ শিক্ষিত ড. শৰ্মা।

ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৯১ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল। তেওঁ ১৯৯০ চনত কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ১৯৯২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰীও লাভ কৰে। ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ইফালে, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সকলোতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ নামো ড॰ শৰ্মাৰ। আনহাতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী ৩৭৩ কোটি টকাৰ সা-সম্পত্তিৰে ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হৈছে দেশৰ ভিতৰতে সকলোতকৈ দুখীয়া মুখ্যমন্ত্ৰী৷

বেনাৰ্জীৰ সা-সম্পত্তিৰ মূল্য হৈছে মাত্ৰ পোন্ধৰ লাখ৷ উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু৷ তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১৩২ কোটি টকা৷ ইফালে উত্তৰ পূৰ্বাঞ্চলৰ আঠজন মুখ্যমন্ত্ৰীৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুখীয়া৷

অসমৰ মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ মূল্য মাত্ৰ ১.০৪ কোটি৷ মন কৰিবলগীয়া কথা যে দেশৰ আঠজন মুখ্যমন্ত্ৰীৰ হাতত আগ্নেয়াস্ত্ৰও আছে৷ আগ্নেয়াস্ত্ৰ থকা মুখ্যমন্ত্ৰীৰ তালিকাখনত উত্তৰ-পূৱৰ দুজন মুখ্যমন্ত্ৰীয়েও স্থান লাভ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply