নিউজ ডেস্কঃ ৰাজহুৱা সেৱাৰ স্বাৰ্থত অসমৰ ৰাজ্যপালে গোলাব চান্দ কাটাৰিয়াই পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্তলৈকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক তথা বিভাগটোৰ মুৰব্বী ড০ কল্যাণ কলিতাক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে।
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খনৰ বৰ্তমানৰ অধ্যক্ষ ড০ অতুল বৰাক তাৎক্ষণিক ভাৱে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ড০ কল্যাণ কলিতাক দায়িত্ব অৰ্পণ কৰিবলৈও জাননীৰ জৰিয়তে নিৰ্দেশনা দিছে।
ইয়াৰোপৰি, পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে ড০ অতুল বৰাক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড০ শশাংক শেখৰ শৰ্মাক তাৎক্ষণিক ছুটিত যাবলৈ ৰাজ্যপালে নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, যোৱা ২৯ মে’ত জালুকবাৰীত পথ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰ দুৰ্ঘটনাগ্ৰস্থ হৈ থিতাতে মৃত্যু হয়। মাজনিশা এই দুৰ্ঘটনাৰ পিছতেই অভিভাৱক তথা অসমৰ বিভিন্ন ঠাইৰ পৰা মহাবিদ্যালয়খনৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত আঙুলি উঠিবলৈ আৰম্ভ হয়। চৰকাৰে বৰ্তমান দুৰ্ঘটনাটোৰ সৈতে জড়িত সকলো তথ্যৰ পোহৰলৈ আনিবলৈ তদন্ত কৰিবলৈ শীৰ্ষ আৰক্ষী বিষয়া নিৰ্দেশ প্ৰদান কৰিছে।
লগতে পঢ়ক – পুনৰ ধনী ব্যক্তিৰ শীৰ্ষস্থান দখল এলন মাস্কৰ