নিউজ ডেস্ক- কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে আজি ড০ মনোজ ছোনীয়ে শপত গ্ৰহণ কৰে। উক্ত আয়োগৰ জ্যেষ্ঠ সদস্যা স্মিতা নাগৰাজে শপতনামা প্ৰদান কৰে।

উল্লেখ্য যে, ড° মনোজ ছোনীয়ে ২৮জুন, ২০১৭ তাৰিখে আয়োগত সদস্য হিচাপে যোগদান কৰে আৰু পিছত ৫এপ্ৰিল,২০২২ তাৰিখে ভাৰতীয় সংবিধানৰ ৩১৬ (ক) অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ পদৰ কৰ্তব্য পালন কৰিবলৈ নিযুক্তি লাভ কৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগত যোগদান কৰাৰ পূৰ্বে ড০ ছোনীয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অধ্যয়নত বিশেষজ্ঞতাৰে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল আৰু চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ৰ পৰা “শীতল যুদ্ধৰ পিছৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাগত পৰিৱৰ্তন আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্ক”ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

আনহাতে,  তেওঁ বড়োদা বিশ্ববিদ্যালয়ৰ এম এছ ইউনিভাৰ্চিটি আৰু গুজৰাটৰ ড° বাবাছাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ স্বাধীন ভাৰতৰ আটাইতকৈ কম বয়সীয়া উপাচাৰ্য হিচাপে পৰিগণিত হৈছে। ড০ ছোনীয়ে কেইবাটাও স্বীকৃতি আৰু বঁটা লাভ কৰিছে আৰু তেওঁৰ কৃতিত্বত উল্লেখযোগ্য প্ৰকাশন আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply