নিউজ ডেস্কঃ আমেৰিকা ৰাষ্ট্ৰপতি জো বাইডেনৰ নতুন উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ ড০ ৰূপমজ্যোতি শৰ্মাই।

যোৰহাটৰ ড০ ৰূপমজ্যোতি শৰ্মাই শেহতীয়াকৈ White House ৰ প্ৰেছিডেন্সীয়েল ইনোভেচন ফোলো আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিৰ্বাচিত হৈছে।

ইতিমধ্যেই ৰূপমজ্যোতি শৰ্মাই ৱাছিংটন ডিচিত ১০ এপ্ৰিলত শপত লৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে। ১৪ এপ্ৰিলত হোৱাইট হাউছত অনুষ্ঠিত হ’বলীয়া আদৰণি অনুষ্ঠানত ড০ শৰ্মাই অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কেন্সাৰ, এলজেইমাৰ, ডায়েবেটিছ দৰে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে এডভান্স ৰিচাৰ্জ প্ৰজেক্টছ এজেন্সি ফৰ হেলথ নামৰ নতুন সংস্থা গঠন কৰিছে।

উক্ত সংস্থাটোৰ অধীনতেই ৰূপমজ্যোতি শৰ্মাই মুখ্য তথ্য বিষয়া আৰু  প্ৰেছিডেন্সীয়েল জ্যেষ্ঠ  উপদেষ্টা হিচাপে ষোগদান কৰিছে।

ড০ ৰূপমজ্যোতি শৰ্মা কেৱল যে বিজ্ঞানী তেনে নহয়। তেওঁ এজন বিশিষ্ট সংগীতজ্ঞ, সংগীত পৰিচালক আৰু এজন বোলছবিৰো পৰিচালক। মুক বধিৰ সকলৰ চিকিৎসাত সংগীতৰ ব্যৱহাৰৰ সম্ভাৱনীয়তাৰ ওপৰত তেখেতৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত ছবি “One Little Finger” বিশ্ব জুৰি সমাদৃত পাইছে।

লগতে পঢ়ক – গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত বিজেপি আঞ্চলিক কাৰ্যালয়ৰ স্থাপনৰ বাবে কৰিব ভূমি পুজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply