নিউজ ডেস্ক: বুধবাৰে ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে। সুদীৰ্ঘ ৯ বছৰৰ পাছত এই গোচৰটোৰ বাবে আজি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে ঘোষণা কৰিলে চূড়ান্ত ৰায়দান। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিলে দোষীৰ শাস্তি।

ঘটনাৰ মূল অভিযুক্ত ৱাৰ্ড বয় কিৰো মেছক এই ঘটনাত দোষী সাব্যস্ত কৰা হয়। দোষী সাব্যস্ত হোৱা কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে।

উল্লেখ্য যে ২০১৪ চনৰ ৯ মে’ত সংঘটিত হোৱা ডাঃ সৰিতা তস্নিৱালৰ চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰে চলিত মাহৰ ৯ মে’ত ৯ বছৰ গৰকিলে। যোৱা ১২ মে’ত ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে চূড়ান্ত ৰায় ঘোষণা কৰা কথা আছিল যদিও অভিযুক্ত ৱাৰ্ড বয় কিৰো মেচৰ অসুস্থতাৰ বাবে আদালতে ৰায়দানৰ দিন পিছুৱাব লগীয়া হৈছিল। তাৰপাছত এই গোচৰটোৰ বাবে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে ১৭ মে’ তাৰিখে ঘোষণা কৰে চূড়ান্ত ৰায়দান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply