গুৱাহাটী : ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ড্ৰাই ডে’ ঘোষণা। গুৱাহাটী পৌৰ নিগমৰ ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ আবেলি ৪-৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪-৩০ বজালৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সকলো এলেকাতে ড্ৰাই ডে’ ঘোষণা কৰিছে।
জিলা প্ৰশাসনে লগতে ২৪ এপ্ৰিলৰ ভোট গণনাৰ দিনটোতো গণনা কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ড্ৰাই ডে’ ঘোষণা কৰিছে। তদুপৰি কিবা কাৰণে পুনৰ ভোট গ্ৰহণ কৰিবলগীয়া হ’লে পুনৰ গ্ৰহণৰ দিনোটোতো বাহাল থাকিব ড্ৰাই ডে’। ড্ৰাই ডে’ৰ সময়ছোৱাত পৌৰ নিগম এলেকাত থকা সকলো ধৰণৰ সুৰাৰ পাইকাৰী তথা খুচুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পন্যাগাৰ, আই এম এফ এল তথা দেশীয় সুৰাৰ দোকানসমূহো বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
লগতে পঢ়ক – মৃত্যুদূতলৈ পৰিণত হৈছে লখিমপুৰ জিলাৰ কদম ৰাজহচক্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথ
তেনেদৰে বাৰ, দোকান, হোটেল, ৰেষ্টুৰেন্ট তথা ৰাজহুৱা স্থানত যিকোনো প্ৰকাৰৰ মাদক দ্ৰব্য অথবা নিচাজাতীয় দ্ৰব্যৰ সেৱন আৰু ব্যৱহাৰৰ ওপৰত বাধা আৰোপ কৰা হৈছে ড্ৰাই ডে’ৰ সময়ছোৱাত। কোনো লোকে এই নিয়ম ভংগ কৰিলে অসম আৱকাৰী আইনৰ ১৩৫ (গ) ধাৰাৰ নিৰ্বাচনী আচৰণ বিধি ভংগৰ অপৰাধত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক নিৰ্দেশনাযোগে জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।