Draupadi Murmu after taking oath as 15th President of India. Source : PIB India

নিউজ ডেস্ক : দেশৰ নতুন ৰাষ্ট্ৰপতি হ’ল দ্ৰৌপদী মুৰ্মু। দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই শপত পাঠ কৰালে দ্ৰৌপদী মুৰ্মুক।

সোমবাৰে ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপ শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। সংসদ ভৱনত দ্ৰৌপদী মুৰ্মুক ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপ শপত গ্ৰহণ কৰোৱা হয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপ শপত কৰোৱাই।

লগতে পঢ়ক – নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ কনিষ্টবল

দ্ৰৌপদী মুৰ্মুৰ দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ অনুষ্ঠানত বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ ৰাষ্ট্ৰপতিৰ লগতে সেনা বিষয়া সকলো উপস্থিত থাকে। উল্লেখ্য যে দ্ৰৌপদী মুৰ্মু হৈ দেশৰ প্ৰথম গৰাকী আদিবাসী সম্প্ৰদায়ৰ মহিলা ৰাষ্ট্ৰপতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply