নিউজ ডেস্ক : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা। বিৰোধীয়ে প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিছতে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। বিজেপিয়ে দ্রৌপদী মু্ৰ্মুক ৰাষ্ট্ৰপতি নিৰ্বানৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

বিজেপিৰ কেন্দ্ৰিয় সভাপতি জে পি নাদ্দাই দ্রৌপদী মু্ৰ্মুৰ নাম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি জে পি নাদ্দাই এইবাৰ এগৰাকী মহিলা দেশৰ ৰাষ্ট্ৰপতি হ’ব লাগে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়।

প্ৰাৰ্থীৰ নাম ঘোষণা কৰা সংবাদমেলত বিজেপিৰ কেন্দ্ৰিয় সভাপতি জে পি নাদ্দাই কয় যে প্ৰথমবাৰৰ বাবে আদিবাসী সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি দেশক দিয়াৰ প্ৰচেষ্টা। উল্লেখ্য যে দ্রৌপদী মু্ৰ্মু আদিবাসী সম্প্ৰদায়ৰ দেশৰ প্ৰথম গৰাকী ৰাজ্যপাল আছিল।

দ্রৌপদী মু্ৰ্মু ২০১৫ চনৰ পৰা ২০২১ পৰ্যন্ত ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল। ১৮ জুলাইত দেশৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২১ জুলাইত ভোট গণনা হ’ব। ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ যৌথ প্ৰাৰ্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply