গোলাঘাট : গোলাঘাট জিলাৰ আঠখেলীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। ড্ৰাগছ আসক্ত এজন লোকে আক্ৰমণ চলালে পৰিয়াল এটাক। এজন নিহত, দুজনৰ অৱস্থা সংকটজনক। আক্ৰমণকাৰী ঘৰত অগ্নি সংযোগ উত্তেজিত ৰাইজৰ।
গোলাঘাট জিলাৰ আঠখেলীয়াৰ চাৰিঙীয়া গাঁৱত বৃহস্পতিবাৰে নিশাৰ ভাগত এক লোমহৰ্ষক ঘটনা সংঘটিত হয়। এজন ড্ৰাগছ আসক্ত লোকে পৰিয়াল এটাৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলায়। চোকা অস্ত্ৰৰ আক্ৰমণত দ্বীপেন দাস এজন লোক নিহত হয়।
আনহাতে এই আক্ৰমণৰ ঘটনাত দ্বীপেন দাসৰ পত্নী চুমকী দাস আৰু পুত্ৰ প্ৰিয়ম দাস গুৰুত্বৰভাৱে আহত হয়। আহত দুয়োকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। নাজিদুল হুছেইন নামৰ এজন ড্ৰাগছ আসক্ত লোকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ
উত্থাপন কৰে ৰাইজে।
লগতে পঢ়ক – হাজোৰ বুল্লুটত দুৰ্বৃত্তৰ আক্ৰমণত আহত পাঁচজনকৈ লোক
ইফালে ঘটনাৰ পিছতে অঞ্চলটো ৰাইজ উত্তেজিত হৈ পৰে। উয়েজিত ৰাইজে নাজিদুল হুছেইনৰ ঘৰত আক্ৰমণ কৰি ঘৰত অগ্নি সংযোগ কৰে। ৰাইজে নাজিদুল হুছেইনক কঠোৰ শাস্তি প্ৰদান দাবী জনাইছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।