বটদ্ৰৱা : পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে ৰাজ্যত। ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ। ড্ৰাগছ আসক্ত পুত্ৰই হত্যা কৰিলে নিজ মাতৃক। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকৰ মাজতে ড্ৰাগছৰ বাবে প্ৰাণ গ’ল এগৰাকী মাতৃৰ। বটদ্ৰৱাত ড্ৰাগছ আসক্ত পুত্ৰই নিজ মাতৃক হত্যা কৰাৰ এক জঘন্য ঘটনা সংঘটিত হৈছে।বটদ্ৰৱাৰ জামুগুৰিত এই জঘন্য ঘটনা সংঘটিত হৈছে।

ড্ৰাগছ আসক্ত পুত্ৰই ডিঙি চেপি হত্যা কৰে মাতৃক। জানিব পৰা মতে আমিৰ হামজা নামৰ যুৱকজনে ড্ৰাগছৰ বাবে মাতৃক ধন বিচাৰিছিল কিন্ত মাতৃয়ে ধন নিদিয়াৰ বাবে আমিৰ হামজাই ডিঙি চেপি মাতৃ নবীজা খাতুনক হত্যা কৰে।

লগতে পঢ়ক –  সন্ত্রাসবাদী আৰু বিজেপি ভাই ভাই : ৰঞ্জিত ৰঞ্জন

পুত্ৰই ডিঙি চেপি ধৰাত নবীজা খাতুন অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নি থকা পথত মৃত্যুৰ মুখত পৰে। এই জঘন্য ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজে ড্ৰাগছ আসক্ত মাতৃ হত্যাকাৰী পুত্ৰৰ উচিত শাস্তিৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply