গুৱাহাটী : নলবাৰী আৰক্ষীয়ে জ্বলাই দিলে ড্ৰাগছ। নলবাৰী আৰক্ষীয়ে জ্বলাই দিলে প্ৰায় ৮ কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। হে’ৰইন, গাঞ্জা, ব্ৰাউন ছুগাৰ আৰু বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত টেবলেট জ্বলাই দিয়াৰ লগতে ভাঙি বিনষ্ট কৰিলে কফ চিৰাপৰ বটল।
আন্তঃৰাষ্ট্ৰীয় নিচা বিৰোধী দিৱস উপেলক্ষ দেওবাৰে ৰাজ্যজুৰি আৰক্ষীয়ে দাহ কৰে ড্ৰাগছ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ আৰক্ষীৰ লগতে নলবাৰী জিলা আৰক্ষীও ড্ৰাগছ দাহ কৰি বিনষ্ট কৰে। জিলাখনৰ বলাকুছিৰ পাগলদিয়াৰ পাৰত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে দাহন কৰিলে আনুমানিক ৮ কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।
লগতে পঢ়ক – কাইলৈ ঘোষণা হ’ব HSৰ ফলাফলঃ এইকেইটা ৱেবছাইটত লাভ কৰিব ৰিজাল্ট
হে’ৰইন, ব্ৰাউন চুগাৰ,গাঞ্জাৰ লগতে বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত টেবলেট জ্বলাই আৰু কফ চিৰাপৰ বটল সমূহ ভাঙি আৰক্ষীয়ে বিনষ্ট কৰে। এই কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী জিলাক ড্ৰাগছ মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰে জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে।