মুকালমুৱা : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। পুনৰ দুই ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত। ২১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নগদ ধনসহ দুই ড্ৰাগছ সৰবৰাহকাৰী জালত।
নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে নিশাৰ ভাগত মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক – ১মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান
এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে নিশা মুকালমুৱাৰ লাউঠাৰীত ড্ৰাগছ বিৰোধী অভিযান চলাই আহমেদ আলী আৰু শ্বাহ আলম নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ২১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নগদ দহ হাজাৰ টকাসহ গ্ৰেপ্তাৰ কৰে। দীর্ঘদিন ধৰি দুয়ো ড্ৰাগছৰ বেহা চলাই আছিল।