নগাঁও : ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইছলামক এনকাউণ্টাৰ। ৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা মইদুল ইছলামক এনকাউণ্টাৰ কৰিলে নগাঁও আৰক্ষীয়ে। আৰক্ষীৰ গুলী লাগি আহত হোৱা মইদুল ইসলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।

উল্লেখ্য যে শুকুৰবাৰে নিশাৰ ভাগত নগাঁও আৰক্ষীৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইছলামৰ লগত জুৰীয়াত এক ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈছিল। সেই সময়তে সুযোগ বুজি ড্ৰাগছ সৰবৰাহকাৰীজনে দাৰে আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায়।

ড্ৰাগছ সৰবৰাহকাৰীজনৰ দাৰ আক্ৰমণত এজন আৰক্ষী লোক অহাত হয়। আৰক্ষীয়ে মইদুল ইছলামক বাধা প্ৰদান কৰাৰ বাবে গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত হোৱা ড্ৰাগছ সৰবৰাহকাৰীজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক – ধেমাজি সদৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ উদ্ধোধন

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই ৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইসলামক গ্ৰেপ্তাৰ কৰিছিল। এএছ-০১-এভি-৩০৪৮ নম্বৰৰ এখন বাহনেৰে ৭৬ টা চাবোনৰ বাকচত লুকুৱাই ড্ৰাগছখিনি আনি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰাৰ লগতে মইদুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply