চাম্পুপাৰা : ড্ৰাগছ ব্যৱসায়ী ছোবাহান আলী গ্ৰেপ্তাৰ। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত দীর্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আছিল ছোবাহান আলী। অৱশেষত বোধহয় নিশাৰ ভাগত জালত জালত পৰে ছোবাহান আলী।

দক্ষিণ কামৰূপৰ চাম্পুপাৰাত আৰক্ষীয়ে এক ড্ৰাগছৰ বিৰোধী অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম ছোবাহান আলী বুলি জানিব পৰা গৈছে। ৪ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ গ্ৰেপ্তাৰ হয় ছোবাহান আলী।

লগতে পঢ়ক –  বটদ্ৰৱা কাণ্ডত জড়িত আন এজনক গ্ৰেপ্তাৰ

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত নিশাৰ ভাগত আৰক্ষীৰ এটা দলে অভিযান চলাই চাম্পুপাৰা গাঁৱৰ পৰা ছোবাহান আলীক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ ব্যৱসায়ীজনক জোৰশিমুলী আৰক্ষীৰ জিম্মালৈ নি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply