গুৱাহাটী : অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ এখন বিদ্যালয়ৰ বাছ চালকৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ। মহানগৰীৰ হোলী চাইল্ড স্কুলৰ বাছ চালকৰ পৰা জব্দ ড্ৰাগছ।
সোমবাৰে চান্দমাৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হোলী চাইল্ড স্কুলৰ এখন বাছ চালকৰ পৰা জব্দ কৰে ড্ৰাগছ। ধৃত বাছ চালকজনৰ নাম নিতুমণি কলিতা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – জামুগুৰিহাটত তীব্ৰবেগী মেক্সিম’ বাগৰিল দ’ খাৱৈত
নিতুমণি কলিতাৰ অমিয়নগৰস্থিত ঘৰত অভিযান চলাই আৰক্ষীয়ে ৩ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু চিৰিঞ্জ জব্দ কৰে। নিতুমণি কলিতা পূৰ্বে চান্দমাৰী থানাৰ গাড়ী চালক আছিল।